মিজোৰামত দেশৰ ভিতৰতে সৰ্বাধিক বন ধ্বংস হয়। কেন্দ্ৰীয় বন মন্ত্ৰী হৰ্ষ বৰ্ধনে মুকলি কৰা ভাৰত ৰাজ্যিক বন প্ৰতিবেদন ২০১৭ অনুসৰি মিজোৰামত দুবছৰত ৫৩১ বৰ্গ কি. মি. বন নোহোৱা হৈছে।
ইয়াৰ পূৰ্বে ২০১৫ চনত এই প্ৰতিবেদনত মিজোৰামত ১৮৭৪৮ বৰ্গ কি.মি. বনভূমি আছে বুলি প্ৰকাশিত হৈছিল।
আনহাতে নাগালেণ্ড (৪৫০ বৰ্গ কি.মি.), অৰুণাচল প্ৰদেশ (১৯০ বৰ্গ কি.মি.), ত্ৰিপুৰা (১৬৪ বৰ্গ কি.মি.) আৰু মেঘালয়েও (১১৬ বৰ্গ কি.মি.) বন ধ্বংসৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ শীৰ্ষস্থান অধিকাৰ কৰিছে।
অন্ধ্ৰ প্ৰদেশ, কৰ্নাটক, কেৰালা আৰু অ’ড়িচা বনানীকৰণৰ ক্ষেত্ৰত আগবাঢ়ি থকা ৰাজ্য।
বন জুইত প্ৰতি বছৰে মিজোৰামৰ হাজাৰ হাজাৰ একৰ বন জাহ জায়। মিজোৰামৰ বেছিভাগ খেতিয়কে জুম খেতি কৰে আৰু জুম খেতিৰ বাবে বন ধ্বংসৰ প্ৰয়োজন হয়। ইয়াৰ ফলত অনিয়ন্ত্ৰিত ধৰণে জুই লাগে। প্ৰতি বছৰে এনে অসংখ্য জুই লগা ঘটনা বন বিভাগে নথিবদ্ধ কৰে।
দেশৰ ভিতৰত সৰ্বাধিক বন জুই মিজোৰামতে লাগে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বন জুই লগা ঘটনাৰ এক তৃতীয়াংশ মিজোৰামৰে।
মিজোৰাম ৰাজ্যিক অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা বিভাগৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০১১ চনৰে পৰা প্ৰায় ৬৯৫ টা বন জুইত ৰাজ্যখনত প্ৰায় ৯০ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে।
বেছিভাগ জুই লগা ঘটনাৰ কাৰণ জুম খেতি।