মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ মন্তব্যক ধিক্কাৰ মণিপুৰী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ

madhavpur

গুজৰাটত সদ্যসমাপ্ত মাধৱপুৰ মেলাত শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই মণিপুৰ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংশ বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে মণিপুৰী ষ্টুডেণ্ট ফেডাৰেশ্যনে।

উল্লেখ্যযোগ্য যে গুজৰাটৰ পোৰবন্দৰ জিলাৰ গিৰত অনুষ্ঠিত মাধৱপুৰ মেলাত মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যখনৰ ভিতৰে- বাহিৰে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত মণিপুৰী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ নেতৃবৃন্দই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ তৎকালীন পদত্যাগ দাবী কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মণিপুৰৰ ইতিহাসক সম্পূৰ্ণ ৰূপে উপেক্ষা কৰি আগবঢ়োৱা মন্তব্যক তীব্ৰ গৰিহণা দিয়ে।

ছাত্ৰ সংগঠনটোৱে লগতে মুখ্যমন্ত্ৰী বীৰেন সিঙে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক তোষামোদ কৰাৰ বাবে উক্ত বিতৰ্কিত মন্তব্য কৰা বুলিও অভিযোগ কৰে। সেয়েহে এইক্ষেত্ৰত সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত মুখ্যমন্ত্ৰী গৰাকীয়ে ক্ষমা খোজা উচিত বুলি প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।

যদিহে মুখ্যমন্ত্ৰী সিঙে এইক্ষেত্ৰত কোনো স্পষ্টীকৰণ নিদিয়ে তেন্তে সংগঠনটোৱে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও লগতে সোঁৱৰাই দিয়ে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মণিপুৰৰ চৰকাৰী পাঠ্যপুথিত বুৰঞ্জী আৰু ভূগোলৰ বিকৃতকৰণৰ অভিযোগ উত্থাপন কৰি মণিপুৰী ষ্টুডেণ্ট ফেডাৰেশ্যনে প্ৰতিবাদ কৰাৰ সময়তে মুখ্যমন্ত্ৰী বীৰেন সিঙৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ।