NORTHEAST NOW (Assamese)

মেঘালয় চৰকাৰৰ নিৰ্দেশ : ৰাজ্যত দুসপ্তাহৰ বাবে নিষিদ্ধ চালানী মাছ

July 24, 2018 1:03 pm · এন ই নাও নিউজ
Updated: July 24, 2018 2:33 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

মেঘালয়ৰ বিভিন্ন বজাৰত বিক্ৰী হৈ থকা চালানী মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পাছতে সক্ৰিয় হৈ পৰিছে ৰাজ্য চৰকাৰ। জোৱাই আৰু নংপো বজাৰৰ পৰা সংগ্ৰহ কৰা চালানী মাছৰ নমুনাত বিষাক্ত ফৰ্মেলিন ধৰা পৰাৰ পাছতে এতিয়া ৰাজ্য চৰকাৰে অহা দুসপ্তাহৰ বাবে নিষিদ্ধ কৰিলে বহিঃৰাজ্যৰ মাছ ।

সোমবাৰে মেঘালয়ৰ ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰি কয় যে এই সময়ছোৱাত চালানী মাছ বিক্ৰী, মজুতকৰণ আৰু বিতৰণ বন্ধ থাকিব। যদি কোনোবাই চৰকাৰৰ এই নিৰ্দেশনা মানি নলয় তেন্তে অমান্য কৰা ব্যৱসায়ীক পাঁচ বছৰৰ কাৰাবাস আৰু দহ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব।

মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্ত পি ডব্লিউ ইংতিয়ে জনোৱামতে মেঘালয়ৰ বিভিন্ন স্থানৰ পৰা সংগৃহীত নমুনাসমূহ গুৱাহাটীৰ জনস্বাস্থ্য লেবৰটৰীত পৰীক্ষা কৰা হৈছিল। আৰু সেই পৰীক্ষাত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰে। সেয়ে আমি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছো।

উল্লেখযোগ্য যে মেঘালয়ৰ মীন মন্ত্ৰী কামিংগন য়ামবনে জনোৱা অনুসৰি প্ৰতি বছৰে মাছৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ে অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু অসমৰ পৰা প্ৰায় ২১ হাজাৰ মেট্ৰিকটন মাছ আমদানি কৰে।

Related News