যদি মই প্ৰযোজকক মূলধনটো ঘুৰাই দিব নোৱাৰো তেন্তে পৰিচালকৰ শাৰীত মোৰ নামটো জবৰদস্তি অন্তৰ্ভূক্ত কৰাৰ মোৰ নৈতিক অধিকাৰ নাই’: দীপক কুমাৰ ৰয়

index 1

অসমীয়া চলচ্চিত্ৰ জগতত ১৯৯৭ চনৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা একেধাৰে অভিনেতা, নাট্যকাৰ, মুখ্য সহকাৰী পৰিচালক দীপক কুমাৰ ৰয়ে বৰ্তমান স্বাধীনচিতীয়াভাৱে চলচ্চিত্ৰ পৰিচালনাত ব্যস্ত হৈ পৰিছে। চিনে একটৰ্চ ফেক্টৰীৰ প্ৰতিষ্ঠাপক ৰয়ে বলীউদৰ ব্ৰুনি, পেনাল্টী চলচ্চিত্ৰ দুখনতো অভিনয় কৰিছিল বুলি তেখেতে সদৰী কৰে। লগতে তেওঁ নেপালী তথা নাগা ভাষাতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিয়দাংশ তলত পাঠকসকলৰ বাবে আগবঢ়ালো।

পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিছাৰিছো CAF প্ৰতিষ্ঠাপক হিচাপে আপুনি ইয়াৰ বিষয়ে কি ?

=> নমস্কাৰ, CAF ৰ সম্পূৰ্ণ নামটো হৈছে Cine Actors Factory. ই কেৱল অভিনেতা-অভিনেত্ৰী জন্ম দিয়াই নহয়, যিসকলৰ মঞ্চত অভিনয় কৰাৰ অভিজ্ঞতা থাকে সেইসকলক চলচ্চিত্ৰ অথবা কেমেৰাৰ সন্মুখত অভিনয় কৰিব পৰাকৈ গঢ় দিব। যিহেতু মঞ্চাভিনয় আৰু কেমেৰাৰ সন্মুখত অভিনয় দুয়োটা পৃথক, গতিকে ইয়াৰ মাজত থকা পাৰ্থক্যটো আমি প্ৰশিক্ষাৰ্থীসকলক বুজাই দিও। তদুপৰি বৰ্তমান যিহেতু চলচ্চিত্ৰ বুলি ক’লে নৃত্য গীতৰ কথা আহি পৰে গতিকে আমি অভিজ্ঞ কৰিঅ’গ্ৰাফাৰো নিযুক্তি দিও। ইয়াত ব্যক্তিত্ব গঠন আৰু সুস্বাস্থ্য অটুট ৰখাৰ বাবেও প্ৰশিক্ষণ দিয়া হয়।

CAF প্ৰশিক্ষণ হয় আৰু প্ৰশিক্ষক হিচাপে কোন কোন অভিনেতা অভিনেত্ৰী আছে?

=> এই এমহীয়া প্ৰশিক্ষণ শিবিৰ আমি জ্যোতি চিত্ৰবনত আয়োজন কৰো। জ্যোতি চিত্ৰবন আমাৰ কাৰণে এটা মন্দিৰ। জ্যোতি চিত্ৰবন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ তথা প্ৰথম ফিল্ম ষ্টুডিঅ’, গতিকে তাত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলে এটা পৰিবেশ পায়। তদুপৰি ইয়াত অত্যাধুনিক ছাউণ্ড ষ্টুডিঅ’ও আছে।

লগতে Cine Actors Factory ৰ প্ৰশিক্ষকসকলৰ নাম ল’বলৈ হ’লে পোনপ্ৰথমে সকলোৰে শ্ৰদ্ধাৰ বিজু ফুকনৰ নাম ল’ব লাগিব। অসমীয়া চলচ্চিত্ৰ জগতৰ চিৰসেউজ তাৰকা হিচাপে বিজু দাক হেৰুৱাই সকলো শোকাবৃত। তেওঁ আমাৰ দ্বিতীয় বেট্চৰ পৰা মুখ্য প্ৰশিক্ষক হিচাপে আছিল। লগতে প্ৰথম বেট‌্চৰ পৰা নিপন গোস্বামী প্ৰশিক্ষক হিচাপে আছিল।

তদুপৰি প্ৰশিক্ষক সকলৰ নাম একাদিক্ৰমে ল’বলৈ হ’লে শম্ভু গুপ্তা, মলয়া গোস্বামী, চেতনা দাস, ভগৱত প্ৰীতম, মুন্না আহমেদ, ৰবি শৰ্মা, এৱাৰ্ড উইনাৰ ডাইৰেক্টৰ হীৰেন বৰা, যোগাসনৰ ক্ষেত্ৰত মনোৰঞ্জন শইকীয়া, সমৰকলা প্ৰশিক্ষক হিচাপে প্ৰধান দেউৰী, কুশল গগৈ, নৃত্য প্ৰশিক্ষক হিচাপে জিনি মহলীয়া আৰু উদয় শংকৰে প্ৰশিক্ষণ প্ৰদান কৰে।

লগতে  মই মোৰ সোঁৱে-বাঁৱে ছাৰ দৰে লাগি থকা বিকি ওৰফে বিক্ৰম মজুমদাৰৰ নামটো ল’বই লাগিব। তেঁৱো প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে।

CAF পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি যোৱা কোনোৱে অসমীয়া চলচিত্ৰ অথবা ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ পাইছে নে?

=> প্ৰথম বেটচৰ পৰা কাজল শৰ্মা, তেওঁ অসমীয়া চলচ্চিত্ৰ অথবা ধাৰাবাহিকত সু-নাম অৰ্জন কৰিছে। তৃষ্ণা হাজৰিকাই চাৰি – পাঁচখন ধাৰাবাহিকত কাম কৰি আছে। তাৰোপৰি অমৃতৰাজ আৰু জেক কাশ্যপ বৰ্তমান থিয়েটাৰৰ অভিনয়ত জড়িত। ইয়াৰ উপৰি ভায়োলিনা বৰুৱাই বৰ্তমান এখন ধাৰাবাহিকত কাম কৰি আছে।

মনিষা ডেকা বৰ্তমান মডেলিং আৰু অভিনয় দুয়োখন ক্ষেত্ৰৰ সৈতে জড়িত।

অভিনেতা নিপন গোস্বামীৰ সৈতে দীপক ৰয়

তাৰোপৰি গৌতম প্ৰতিমে বলিউডৰ ব্ৰুণি নামৰ চলচ্চিত্ৰত কৌতুক চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছে।

বৰ্তমান চলচ্চিত্ৰ জগতখনৰ প্ৰতি আপোনাৰ ধাৰণা?

=> অসমীয়া চলচ্চিত্ৰ বৰ্তমানলৈকে উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই। অসমত চলচ্চিত্ৰ নিৰ্মাণ হৈ আছে, বিশ্বস্তৰীয় চিনেমাও নিৰ্মাণ হৈছে, তাত কোনো সন্দেহ নাই। ‘হালধীয়া চৰায়ে বাওধান খায়” এই ছবিখনে লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত কেইবাটাও বঁটা বুটলি আনিবলৈ সক্ষম হৈছিল।

তদুপৰি বিভিন্ন কাৰণত চলচ্চিত্ৰ গৃহসমূহ বন্ধ হৈ হৈ বৰ্তমান ৬০-৭০ টা মান আছেগৈ। ইয়াৰ কাৰণ এয়ে যে মহানগৰীত চাৰি-পাঁচটাকৈ মাল্টি কমপ্লেক্স গঢ় লৈ উঠিছে য’ত একেটা বিল্ডিঙতে ৩-৪ খনকৈ স্ক্ৰীণ আছে, সেইধৰণে যোৰহাট, ডিব্ৰুগড়তো মাল্টি কমপ্লেক্স লাহে লাহে গঢ় লৈ উঠিছে।

অসমত চলচ্চিত্ৰ গৃহ কম হোৱাৰ বাবে প্ৰযোজকসকলে চলচ্চিত্ৰ নিৰ্মাণ কৰি যিখিনি ঘুৰাই পাব লাগে, সিমানখিনি নাপায়। এই ক্ষেত্ৰত তেওঁলোক হতাশগ্ৰস্ত হৈ পৰে।

এখন চিনেমাৰ ক্ষেত্ৰত ৫০,০০০০০ টকা খৰচ কৰিলে বহু খৰচ কৰা যেন অনুভৱ হয়। কিন্তু মিছন চাইনাৰ দৰে চিনেমাও আছে যি কোটি টকা খৰচ কৰিও আকৌ সেই ধনখিনি ঘূৰাই পালে। সেয়েহে চলচ্চিত্ৰ নিৰ্মাণ কৰাসকলে প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে।

মুম্বাই অথবা দক্ষিণৰ ৰাজ্যসমূহৰ দৰে প্ৰযোজক সংস্কৃতিটো অসমত দেখা পোৱা নাযায়। ইয়াত প্ৰযোজক নাই ইয়াত ফাইনেঞ্চাৰহে আছে।

এই ক্ষেত্ৰত পৰিচালক গৰাকীৰো ভূমিকা নথকা নহয়। তেওঁ যদি সঠিক পথ দেখুৱাই দিব পাৰে তেন্তে নিশ্চয়কৈ প্ৰযোজকসকলো আগবাঢ়ি আহি সঠিক ৰূপত চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজকে মনোনিবেশ কৰিব পাৰিব।

লগতে ছবিখনৰ বিষয়বস্তু দৰ্শকৰ ভাল লগা হ’ব লাগিব। তেতিয়াহে তেওঁলোকে চিনেমাখন উপভোগ কৰি আনকো চলচ্চিত্ৰখন উপভোগ কৰাৰ বাবে আহ্বান জনাব।

এইখিনিতে এটা কথা কওঁ যে চলচ্চিত্ৰ গৃহৰ মালিক সকলেও গৃহটো সুন্দৰভাৱে ৰক্ষণাবেক্ষণ দিব লাগিব। লগতে চৰকাৰেও প্ৰযোজক পক্ষ তথা চিনেমাহলৰ মালিক পক্ষক লগত লৈ এখন সুস্থ চলচ্চিত্ৰ নীতি তৈয়াৰ কৰিব লাগিব।

 যোৱাবছৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ যোৱা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱে অসমীয়া চলচ্চিত্ৰ জগতলৈ পৰিবৰ্তন আনিব বুলি ভাবেনে?

=> গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ চমুকৈ GIFF আমাৰ বাবে অসম চৰকাৰৰ এক সুন্দৰ উপহাৰ আছিল। অসমৰ প্ৰযোজক তথা পৰিচালকসকলে এই চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে এটা ভাল দিশ পাইছে।

তদুপৰি বিশ্বত বৰ্তমান কি মানৰ ছবি নিৰ্মাণ হৈ আছে সেইটো আমি জানিব পাৰিছো।

পূৰ্বতে অসমৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোকসকলে বহু টকা খৰচ কৰি অন্য ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ চাবৰ বাবে যাবলগীয়া হৈছিল। কিন্তু এতিয়াৰ পৰা অসমত প্ৰতিবছৰে এই মহোৎসৱ অনুষ্ঠিত হ’ব।  আমাৰ বাবে এয়া এক শুভ লক্ষণ।

অভিনেতা যতীন বৰাৰ সৈতে দীপক ৰয়

লগতে এটা কথা ভাল লাগিছে বিশ্বস্তৰীয় চলচ্চিত্ৰসমূহৰ সৈতে ফেৰ মাৰি ভিলেজ ৰকষ্টাৰৰ দৰে চলচ্চিত্ৰই ফেৰ মাৰিব পাৰিলে।

অভিনেতা-অভিনেত্ৰী সকলো এই মহোৎসৱৰ পৰা লাভান্বিত হ’ব বুলি মই ভাবো।

 অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখনত আপোনাৰ যাত্ৰাৰ বিষয়ে আপুনি কি ?

=> শৈশৱক বাদ দি অভিনয় জগতৰ কথা উল্লেখ কৰিব নোৱাৰো। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে নাটকত প্ৰথম পকেটমাৰৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। এই ক্ষেত্ৰত মই হিন্দী বিষয়ৰ শিক্ষক হৰেশ্বৰ দেৱগোস্বামীৰ নাম ল’ব বিচাৰো, তেঁৱেই মোক অভিনয়ৰ আদিপাঠ শিকাইছিল।

গুৱাহাটী সাতগাওঁ পুথিভঁৰালৰ সাংস্কৃতিক সম্পাদকৰ পদত থাকোতে সুৰেন বৰাৰ সানিধ্যলৈ আহো। তেখেতে মোক প্ৰথম একাংকিয়া নাটকত খোজ দিয়াৰ ক্ষেত্ৰত অৰিহনা যোগাইছিল। একাংকিয়া নাটৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্য্যায়ত শ্ৰেষ্ঠ অভিনেতা তথা পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো।

কেইদিনমান চাকৰি কৰিছিলো যদিও কোম্পানীটো বন্ধ হোৱাৰ বাবে বাদ দিবলগীয়া হ’ল। অভিনয়ৰ পোকটো যিহেতু মূৰত সোমাই আছে গতিকে এই ক্ষেত্ৰখনতে মনোনিবেশ কৰিলো। তাৰ পিছতে বিশিষ্ট পৰিচালক মুন্না আহমেদৰ স্কুল অৱ ড্ৰামাত প্ৰশিক্ষণ লওঁ।

“জোন জ্বলে কপালত ছবিখনৰ পৰা মই কেৰিয়াৰ আৰম্ভ কৰিলো। প্ৰথম অৱস্থাত ক্লেপ বয় হিচাপে জীৱন যাত্ৰা আৰম্ভ কৰি পিছলৈ মুখ্য সহঃ পৰিচালক হিচাপে ১৪ খন চলচ্চিত্ৰত কাম কৰিছিলো।

তদুপৰি বলীউডৰ ছবিতো অভিনয় কৰাৰ সুযোগ পাইছো। বলিউডৰ চলচ্চিত্ৰ ব্ৰুনি আৰু অসমৰ প্ৰেক্ষাপটত নিৰ্মিত পেনাল্টীতো এটি চৰিত্ৰত অভিনয় কৰিছো।

অসমীয়া চলচ্চিত্ৰ জগতত পোনপটীয়াভাৱে ছবি পৰিচালনা কৰা নাই। তাৰ কাৰণটো সাহস নকৰাৰ বাবে তথা প্ৰযোজকৰ অভাব নহয়।

সাহস নকৰাৰ কাৰণটো হৈছে মাজতে অসমীয়া চলচ্চিত্ৰ জগতত মন্দাৱস্থাৰ সৃষ্টি হৈছিল। প্ৰযোজকসকলে খৰচ কৰাৰ  জোখত টকা ঘূৰাই পোৱা নাছিল।

যদি মই প্ৰযোজকক মূলধনটো ঘুৰাই দিব নোৱাৰো তেন্তে পৰিচালকৰ শাৰীত মোৰ নামটো জবৰদস্তি অন্তৰ্ভূক্ত কৰাৰ নৈতিক অধিকাৰ নাই।

তদুপৰি নাগালেণ্ডৰ বাবে ‘ছালাওলা’ নামৰ এখন ছবি পৰিচালনা কৰিছো। নেপালৰ বাবেও মেৰ’ মন নামৰ এখন চলচ্চিত্ৰ পৰিচালনা কৰিছে।

চলচ্চিত্ৰক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা আছে নেকি?

=> এজন পৰিচালকৰ সপোন থাকে এখন ছবি নিৰ্মাণ কৰাৰ, ঠিক তেনেকৈ স্বাধীনচিতীয়াকৈ অসমীয়া চলচ্চিত্ৰ এখন পৰিচালনা কৰিবৰ বাবে মোৰো পৰিকল্পনা আছে। এই বছৰতে দুখনকৈ চলচ্চিত্ৰ পৰিচালনা কৰাৰ পৰিকল্পনা যুগুত কৰিলো। এখনৰ চিত্ৰনাট্যৰ কাম সমাপ্ত হৈছে আৰু মে’ মাহৰ পৰা পূৰ্ণ গতিত এই ছবিখনৰ কাম আৰম্ভ কৰিম।

মাৰ আশীৰ্বাদ, সহধৰ্মিনীৰ প্ৰেৰণা লৈয়ে ইমান দিন হতাশাত পৰিলেও কাম কৰি গৈ আছো। যোৱা ৫-৬ বছৰৰ ভিতৰত বহুকেইজন প্ৰযোজক চলচ্চিত্ৰ নিৰ্মাণৰ সপোন দেখুৱাই আগবাঢ়ি আহিছিল, বহুবাৰ কলকাতালৈ অহা-যোৱা কৰিলো। কিন্তু দুৰ্ভাগ্যজনক সেয়া সপোন হৈয়ে থাকিল।

এই বৰ্ষত খুবেই আশাবাদী, দুখন ছবি নিজাববীয়াকৈ পৰিচালনা কৰাৰ বাবে। এখন মে’ৰ পৰা আৰু আনখন অক্টোবৰ মাহৰ পৰা।

বৰ্তমানৰ পৰিস্থিতিত দেখিবলৈ পোৱা গৈছে কিছুসংখ্যকে ভিডিঅবনাই আৰু সস্তীয়া ডায়লগ ভৰাই একেৰাতিৰ ভিতৰতে চিয়েল মেডিয়াত আপলোড কৰে। তেওঁলোকৰ প্ৰতি আপোনাৰ কি আহ্বান ?

=> আজিকালি জনসাধাৰণে কৌতুক নুশুনে, তাৰ বিপৰীতে চাইহে ভাল পায়। লগতে এচাম লোকে বহুৱালি কৰি আছে। তেওঁলোকে ইন্টাৰনেটৰ দৰে ভাল মাধ্যমক অপব্যৱহাৰ কৰি আছে। তাতে আকৌ কিছুসংখ্যক শ্ৰোতা-দৰ্শকে উচটোৱাত হাত উজান দি আছে। উচটাই উচটাই এক ৰাতিৰ ভিতৰতে বৈদ্যুতিন মাধ্যমত মাতি নি তাৰকা সজাই দিয়ে।

তেওঁলোকৰ এই বহুৱালিয়ে অসমৰ বদনাম আনিছে। এজন ব্যক্তি আছে, মই নাম নলওঁ তেওঁৰ ভিডিঅ’বোৰ ভাৰতৰ অন্যান্য প্ৰান্তৰ লোকসকলে চাই প্ৰশ্ন কৰে আপোনালোকৰ অসমত এনেকুৱা মানদণ্ডৰ চিনেমা বনায় নে? এয়া আমাৰ বাবেই এক লজ্জাজনক কথা।

মই এই মুহূৰ্তত নৱপ্ৰজন্মৰ প্ৰতি এটাই আহ্বান তেওঁলোকৰ প্ৰতিভা সমূহৰ সদ্ব্যৱহাৰ কৰি সমাজলৈ উৎকৃষ্ট সৃষ্টিশৈলী আগবঢ়াওক।

অসমৰ চিনেমা হলত বলিউডৰ চিনেমা এখন entry লেই অসমীয়া চিনেমাখন out হৈ গৈছেএই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি ?

=> ডাৰউইনৰ এটা মতবাদ আছে Servival Of the Fittest, ঠিক তেনেকুৱা এটা কথাই ইয়াৰ সৈতে জড়িত হৈ আছে।

এইখিনিতে লক্ষ্য কৰিব লাগিব যে মূল কথা হৈছে ব্যৱসায়। চিনেমা এখনৰ ব্যৱসায় সঠিক ৰূপত চলি থাকিলে হল কৰ্তৃপক্ষই কেতিয়াও অসমীয়া চলচ্চিত্ৰ এখন হলৰ পৰা আঁতৰাই বলীউদৰ চিনেমা নলগায়।

কিন্তু বহু ক্ষেত্ৰত দেখা যায় অসমীয়া চিনেমা এখন ভালদৰে চলি থকাৰ পিছতো সেইখন আঁতৰাই অন্য বলীউদৰ ছবি প্ৰদৰ্শন কৰে। এনে কৰাটো অন্যায় তথা অনুচিত। হলৰ মালিকসকলৰ প্ৰতি এটাই আহ্বান যে ভাল ব্যৱসায় দি থকা চলচ্চিত্ৰ এখনৰ ক্ষেত্ৰত পক্ষপাতিত্ব মূলক আচৰণ নকৰিব, কাৰণ এখন চলচ্চিত্ৰৰ সৈতে ৬০-৭০ টা পৰিয়ালৰ জীৱন নিৰ্বাহৰ কথা জড়িত হৈ থাকে।

বৰ্তমান সময়ত দেখা গৈছে যে অভিনয় ক্ষেত্ৰত জড়িত বহুসংখ্যকে মুল সুঁতিৰ পৰা বিচলিত হৈ অন্য জীৱিকাৰ আশ্ৰয় লৈছে? এই ক্ষেত্ৰত আপোনাৰ ভাষ্য কি ?

=> বহু অভিনেতা অভিনেত্ৰী অভিনয় জগতখন এৰি বেলেগ এখন জগতলৈ আঁতৰি গৈছে। এই ক্ষেত্ৰত চাকৰি সুত্ৰেও বহুকেইগৰাকী আতৰি যাবলগীয়া হৈছে। তাৰ ভিতৰত বৰ্ণালী নাথ এগৰাকী সুদক্ষ অভিনেত্ৰী, তেখেত এতিয়া এগৰাকী প্ৰশাসনিক বিষয়া, প্ৰবাল বৰঠাকুৰ অভিনেতা আছিল যদিও বৰ্তমান ৰেইলৱেত কৰ্মৰত।

কিন্তু কেৱল যে চলচ্চিত্ৰত অভিনয় কৰিয়ে জীৱন নিৰ্বাহ কৰিব লাগিব তেনে কথা নহয়, অসমত বহুকেইটা মনোৰঞ্জনধৰ্মী চেনেল আছে। এইবোৰত দিনটোত ৪-৫ খনকৈ ধাৰাবাহিক চলি থাকে। তেওঁলোকেও প্ৰতিভাসমূহক সুযোগ দিয়াৰ বাবে চেষ্টা চলাই আছে। গতিকে যিসকল মূল সুঁতিৰ পৰা আঁতৰি শাক-পাছলি বিক্ৰী কৰা অথবা নাপিত ইত্যাদি জীৱিকাৰ পথ লৈছে এইসকলৰ প্ৰতি এটাই আহ্বান তেওঁলোক পুনৰ অভিনয়ৰ সুঁতিলৈ ঘুৰি আহি নিজ-নিজ প্ৰতিভাৰ বহিঃ প্ৰকাশ ঘটাওক।

অভিনয় ক্ষেত্ৰত আপোনাৰ ভাল লগা মূহুৰ্ত আছেনে?

=> ভাললগা মূহুৰ্ত বুলি ক’লে নিশ্চয়কৈ অভিনয় ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিটো মুহূৰ্তই ভাল লগা। কেমেৰাৰ কিট কিট শব্দ শুনি তাৰ পিছত অভিনয়ৰ বাবে সাজু হোৱাৰ মুহূৰ্তটো, প্ৰেয়সীক লগপোৱা, প্ৰ’পজ কৰা তথা বিয়া পতা মুহূৰ্ত তথা মোৰ ছোৱালী জন্ম হোৱাৰ পিছত এটা নতুন উপাধি ‘দেউতা’ পোৱাটো মোৰ বাবে এটা ভাললগা মূহুৰ্ত।

তদুপৰি অষ্টম শ্ৰেণীত পঢ়ি থাকোতে ২ বাৰকৈ অমিতাভ বচ্ছনক লগ পাই তেওঁৰ ভাষণ শুনিবলৈ পোৱাটো মোৰ বাবে  ভাল লগা মুহূৰ্তৰ ভিতৰত উল্লেখনীয়।

তদুপৰি অমিতাভ বচ্চনে বৰষুণত তিতি ভাষণ প্ৰদান কৰি থাঁকোতে এজন মানুহে তেওঁক এটা ছাতিৰে ঢাকি ধৰাত তেওঁ ছাতিটো দলিয়াই দি ‘জনতা বৰষুণত তিতি থাকিব পাৰে মই কিয় নোৱাৰিম’ বুলি কোৱা মন্তব্যই মোক অভিভূত কৰাৰ লগতে কাম কৰি যোৱাত উৎসাহ যোগাইছিল।

শেষৰ প্ৰশ্ন : অনাগত দিনবোৰত অসমীয়া চলচিত্ৰ জগতখনক কি ৰূপত চাবলৈ বিচাৰে?

=> অসমীয়া চলচ্চিত্ৰ জগতখনত মই নিজকে ক্ষুদ্ৰ ধূলিকণা বুলি ক’ব বিচাৰো। জাহ্নু বৰুৱা, মুনিন বৰুৱা, চন্দ্ৰ মুদৈ, মুন্না আহমেদৰ তুলনাত মই অতি নগন্য। তথাপি মই আশাবাদী অসমীয়া চলচ্চিত্ৰ জগতখনে বিশ্ব দৰবাৰত স্বীকৃতি পাব। তাৰ বাবে মই যৎপৰোনাস্তি চেষ্টা চলাই যাম।