NORTHEAST NOW (Assamese)

যাদৱ পায়েঙক প্ৰদান ‘উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সেনানী বঁটা’

July 18, 2018 10:08 pm · অনিৰ্বাণ পাঠক

অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙলৈ আজি ১৮ জুলাইত আগবঢ়োৱা হয় বড়ো জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বুনিয়াদৰ স্বপ্নদ্ৰষ্টা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিত উৎসৰ্গিত ‘উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সেনানী বঁটা’।

গুৱাহাটীৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাসে পায়েঙক এই বঁটা প্ৰদান কৰে। বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠানত বঁটা গ্ৰহণ কৰি অৰণ্য মানৱ যাদৱ পায়েঙে কয়, ‘নতুন প্ৰজন্মক গছ ৰুবলৈ শিকাওক। তেতিয়া আমাৰ ভাৰতবৰ্ষখন সেউজীয়া হৈ পৰিব আৰু তেওঁলোকেই এখন নতুন পৃথিৱী গঢ় দিব।’

ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণ আৰু জলবায়ু পৰিবৰ্তনৰ বিষয়ে প্ৰতিজন লোককে সজাগ হ’বলৈও পায়েঙে আহ্বান জনায়।

আনহাতে ভাৰতৰ দ্ৰুতহাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ কথা উল্লেখ কৰি যাদৱে কয়, ‘এনেকৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈ থাকিলে আৰু কিছুবছৰ পাছত ভাৰতৰ জনসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’ব। ফলত প্ৰদূষণ বৃদ্ধি পাব আৰু জলবায়ুৰ পৰিৱৰ্তন ঘটিব। গতিকে ইয়াৰ পৰা ৰক্ষা পাবলৈ এতিয়াৰ পৰাই সকলোৱে গছ ৰোৱক।’

লগতে তেওঁ কয়, ‘এপ্ৰিল, মে’, জুনত মোক গামোছা পিন্ধাবলৈ নামাতিব, তাতকৈ মোৰ হাবিখনত এজোপা গছ ৰুই দিয়ক।’

অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্মৃতি সুঁৱৰি কয়, ‘উপেন্দ্ৰ নাথ ব্ৰহ্মই এটা নায্যতা বিচাৰিছিল। বড়ো জনগোষ্ঠীয়ে ভাষা, সংস্কৃতি আৰু ৰাজনীতিক যাতে নিজৰ নিয়ন্ত্ৰণত অনিব পাৰে তাৰ বাবে এটা পথ প্ৰশস্ত কৰাৰ কথা চিন্তা কৰিছিল।’

অসম আন্দোলনৰ পাছৰ সময়ৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, ‘এটা আন্দোলনৰ নেতৃত্বত থকা লোকসকলৰ পৰা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বড়ো লোকসকলে কিছু সহানুভূতি আশা কৰিছিল, কিন্তু তেওঁলোকে বিচৰাধৰণে সেই সহানুভূতি নাপালে, যাৰ ফলত বড়ো আন্দোলনৰ উদ্ভৱ হ’বলগীয়া হ’ল।’

তেওঁ লগতে নতুন প্ৰজন্মক ৰাজনীতিৰ প্ৰতি ঘৃণাৰ ভাব নল’বলৈ আহ্বান জনাই কয়, ‘ৰাজনীতি সমাজক আগুৱাই নিয়াৰ উৎকৃষ্ট মাধ্যম।’ লগতে কয়, ‘আমি নিজকে যোগ্য কৰি তুলিব লাগিব, আমি যদি নিজকে যোগ্য কৰিব নোৱাৰো আন মানুহে আমাৰ স্থান দখল কৰি ল’ব।’

যাদৱ পায়েঙে প্ৰকৃতি প্ৰেমৰ মাজেৰে সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ কথা স্বীকাৰ কৰি গোস্বামীয়ে কয়, ‘যিবিলাক বেয়া কাম হয়, সেয়া উচ্চ শিক্ষিত মানুহেই কৰা দেখা যায়, কিন্তু তাৰ বিপৰীতে যাদৱ পায়েঙে উচ্চ শিক্ষা নোহোৱাকৈয়ে যি কৰি আছে সেয়া সমাজৰ বাবে উৎকৃষ্ট উদাহৰণ।’

সভাত আদৰণি ভাষণ আগবঢ়াই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে কয়, ‘আমাৰ শিক্ষাৰ উদ্দেশ্য আমি সলনি কৰিব লাগিব। আনুষ্ঠানিক উচ্চ শিক্ষা নোহোৱাকৈয়ে যাদৱ পায়েঙে মানুহ আৰু প্ৰকৃতিৰ মাজত সম্পৰ্কৰ যি পুনৰপ্ৰতিস্থা কৰিছে সেয়া অতুলনীয়।’

সভাত বিশিষ্ট লেখক, নেচাৰ্ছ বেকন নামৰ এন জি অ’ৰ মুৰব্বী সৌম্যদ্বীপ দত্ত, প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, অধ্যাপক ড০ অনিল বড়ো প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News