যুৱ সমাজৰ মাজত দক্ষতা বিকাশ, যোগ ব্যায়াম, নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু যুৱ সংগঠনবোৰৰ উন্নয়ন আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে চেঙাত যুৱ সংসদ কাৰ্যসূচী সম্পন্ন হয়। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু বৰপেটাৰ অন্যতম সামাজিক অনুষ্ঠান এছিয়ান মিশ্যন ইনষ্টিটিউটৰ সহযোগত অনুষ্ঠিত সজাগতামূলক এই সভাখনত সভাপতিত্ব কৰে পদ্মপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক বিল্লাল হুছেইনে।
সভাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা চামাদ তালুকদাৰ আৰু আব্দুল মান্নানে যুৱক-যুৱতীসকলক উদ্দেশ্যি স্থানীয় যুৱ সমাজৰ মাজত দক্ষতা বিকাশ, যোগ ব্যায়াম, নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু যুৱ সংগঠনবোৰৰ উন্নয়ন আদি বিষয়সমূহৰ ওপৰত ভাষণ প্ৰদান কৰে। যোগৰ জৰিয়তে নিজকে কেনেকৈ সুস্থ-সবল কৰি ৰাখিব পাৰি তাৰ ওপৰত বক্তব্য আগ বঢ়ায় যোগ শিক্ষয়িত্ৰী লাভলী বেগমে। বক্তা দুগৰাকীয়ে দক্ষতা উন্নয়নৰ প্ৰশিক্ষণৰ যোগেৰে আত্মসহায়ক গোট অথবা যুৱ ক্লাব গঠন কৰি নৱ-প্ৰজন্মক কিদৰে আগুৱাই নিব পাৰি তাৰ ওপৰতো ভাষণ ৰাখে।
সভাখনত এছিয়ান মিছন ইনষ্টিটিউটৰ সভাপতি চানিদুল ইছলাম শিকদাৰ, নেহৰু যুৱ কেন্দ্ৰৰ ক্ষেত্ৰ কৰ্মী ছাহানুৰ হুছেইনেও যুৱক-যুৱতীসকলক উদ্দেশ্যি বক্তব্য আগ বঢ়ায়।