প্ৰত্যেক বছৰে প্ৰায় ১৫০ ছাত্ৰ-ছাত্ৰী হোমিঅ’পেথিক মহাবিদ্যালয়সমূহৰ পৰা উত্তীৰ্ণ হৈ যায়। এইসকলৰ সংস্থাপনৰ কিবা ব্যৱস্থা কৰা উচিত নহয় নে? কিন্তু ১৯৯৭ চনৰ পৰা কোনো ধৰণৰ নিযুক্তি নাই হোমিঅ’পেথিক চিকিৎসাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ। আনহাতে কিছু সংখ্যকে ৰাজ্যত চাকৰি নাপাই মেঘালয় অথবা অন্য ৰাজ্যত চাকৰি কৰিব লগীয়া হৈছে। আজি এন ই নাওৰ সাংবাদিকৰ আগত এইদৰে কয় দিচপুৰ লাষ্টগেইটত যোৱা ২৬ ফেব্ৰুৱাৰিৰ পৰা প্ৰতিবাদী কাৰ্য্যসূচী লৈ থকা হোমিঅ’পেথিক ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে।
আনহাতে আজি এই প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰে। প্ৰশাসনে বান্ধি দিয়া সময়সীমা অতিক্ৰম কৰাৰ পিছতো ধৰ্ণা কাৰ্য্যসূচী চলাই নিয়াৰ অভিযোগত আজি এই লাঠীচালনা কৰা হয়। লাঠীচালনাত ১০জনকৈ প্ৰতিবাদকাৰী আহত হৈছে। জানিব পৰা মতে প্ৰতিবাদকাৰীসকলক আটক কৰি বশিষ্ঠ থানালৈ লৈ যায়।
উল্লেখযোগ্য যে যোৱা ২৬ ফেব্ৰুৱাৰিৰ পৰা বিভিন্ন দাবীত দিচপুৰ লাষ্টগেইটত হোমিঅ’পেথিক ছাত্ৰ সন্থা আৰু চিকিৎসক সন্থাই ধৰ্ণা কাৰ্য্যসূচী চলাই আহিছিল। আৰক্ষীয়ে এই ধৰ্ণা কাৰ্য্যসূচীৰ সময়সীমা বান্ধি দিয়া বুলি আৰক্ষী বিষয়া মহনেশ মিশ্ৰই জানিবলৈ দিয়ে।
আৰক্ষী বিষয়াজনে জনোৱামতে প্ৰতিবাদকাৰী সকলে ধৰ্ণ কাৰ্য্যসূচীৰ বাবে ধৰি দিয়া সময় পাৰ হৈ যোৱাৰ পিছতো কাৰ্য্যসূচী অব্যাহত ৰাখিছিল। লগতে তেওঁ কয় যে প্ৰতিবাদকাৰীসকলে অগণতান্ত্ৰিকভাৱে তথা হিংসাত্মক ৰূপ লোৱাৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়।
এই ভাষ্যৰ বিপৰীতে প্ৰতিবাদকাৰীসকলে কৰা অভিযোগ অনুসৰি তেওঁলোকে শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে এই প্ৰতিবাদ কৰি আছিল। কিন্তু আৰক্ষীয়ে তেওঁলোকৰ ওপৰত নিৰ্বিচাৰভাৱে লাঠীচালনা কৰিছে। লগতে পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ ওপৰতো লাঠীচালনা কৰিছিল বুলি অভিযোগ কৰে।