NORTHEAST NOW (Assamese)

শান্তিপূৰ্ণভাৱে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত, ৭৬ শতাংশতকৈ অধিক ভোটদানৰ হাৰ

February 18, 2018 9:27 pm · এন ই নাও নিউজ

কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। নিৰ্বাচনটোত ৰাজ্যখনৰ ৭৬ শতাংশ ভোটদাতাই ভোটদান কৰে।

অৱশ্যে এইবাৰ ভোটদানৰ হাৰ যোৱাবাৰৰ বিধানসভা নিৰ্বাচনৰ তুলনাত ১৭ শতাংশ কম বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৯১.৮২ শতাংশ।

নিৰ্বাচন আয়োগে কয়, ‘আবেলি৬ বজালৈকে ৭৬ শতাংশ ভোটাৰ ওলাই আহিছিল, এতিয়াও ভোটদানৰ বাবে লোকসকলক শাৰি পাতি থকাক লৈ চাই ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।’

যোৱা সপ্তাহত চিপিআই(এম) প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ন দেৱ বৰ্মনৰ মৃত্যু হোৱাৰ বাবে চৰিলাম সমষ্টিত আজি ভোটদান অনুষ্ঠিত কৰিব পৰা নগল।

সমষ্টিটোত ১২ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে লগতে কয়, ‘ৰাজ্যখনৰ কোনো স্থানৰ পৰাই কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ অহা নায়। দুটা বোমা উদ্ধাৰ কৰা হৈছিল যদিও বোমা দুটাক নিস্ক্ৰীয় কৰা হয়।’

শাসনাধিস্থ চিপিআই(এম) চৰকাৰক শাসনৰ গাদীৰ পৰা উফৰোৱাৰ উদ্দেশ্যে বিজেপিৰ হৈ নৰেন্দ্ৰ মোদী, অমিত শাহ আদিৰ দৰে তাৰকা প্ৰচাৰক আহি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

Related News