‘শান্তি প্ৰক্ৰিয়াত’ ‘নিৰ্বাচনে প্ৰভাৱ পেলোৱা নাই আৰু নেপেলায়’ : নাগা হোহো আৰু অন্যান্য সংগঠনলৈ পত্ৰ প্ৰেৰণ আৰ এন ৰৱিৰ

Ravi

আৰ এন ৰৱিৰ পত্ৰ

নাগালেণ্ডৰ  শেহতীয়া পৰিস্থিতিক লৈ শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাগা শান্তি আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আৰ এন ৰৱিয়ে।

‘চলি থকা শান্তি প্ৰক্ৰিয়াটোত এই নিৰ্বাচনে প্ৰভাৱ পেলোৱা নাই আৰু নেপেলায়’ বুলি তেওঁ নাগাসকলক আশ্বাস প্ৰদান কৰিছে।

নাগা সমস্যাক লৈ ‘Solution before Election’ আহ্বান দি নিৰ্বাচন বৰ্জন কৰা নাগা হোহো আৰু অন্যান্য নাগা নাগৰিক সংগঠনসমূহৰ মূল সমিতি (Core Committee of Nagaland Tribes Hoho & Civil Organisations )লৈ আজি  প্ৰেৰণ কৰা এক পত্ৰত তেওঁ এই আশ্বাস প্ৰদান কৰিছে।

চলি থকা শান্তি আলোচনাত ‘যোৱা তিনিটা বছৰত’ ‘তাৎপৰ্য্যপূৰ্ণ অগ্ৰগতি লাভ কৰা হৈছে’ বুলি উল্লেখ কৰি তেওঁ পত্ৰখনত কয়, ‘আলোচনাত অংশগ্ৰহণকাৰী পক্ষসমূহে তেওঁলোকৰ সৰ্বোচ্চ প্ৰচেষ্টা অব্যাহত ৰাখিছে’।

‘নাগাসকলৰ সাৰ্বজনীন আৱেগ’ সম্পৰ্কে তেওঁ ‘সংবেদনশীল আৰু শ্ৰদ্ধাশীল’ বুলি অৱগত কৰি তেওঁ পত্ৰখনৰ জৰিয়তে ‘এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত’ নাগা ‘ৰাইজক ৰাজ্যখনত শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান’ জনাইছে।

সমিতিৰ আহ্বায়কলৈ ৰৱিৰ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে।