শোচনীয় প্ৰদৰ্শনৰ বাবে নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক জোৱাও ডে দিউছক অপসাৰণ

নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক

পূৰ্বৰ দৰে এই বছৰো ইণ্ডিয়ান ছুপাৰ লীগত শোচনীয় প্ৰদৰ্শণৰ ধাৰাবাহিকতা বজাই ৰখা নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ প্ৰশিক্ষক জোৱাও ডে দিউছক মেনেজমেণ্টে অপসাৰণ কৰা বুলি খবৰ লাভ কৰা গৈছে। মন কৰিবলগীয়া যে আই এছ এলৰ চতুৰ্থ সংস্কৰণত নৰ্থ-ইষ্ট দলে এই পৰ্যন্ত ৭খন খেলৰ মাত্ৰ এখনত বিজয়ী হৈ তালিকাৰ নৱম স্থানত আছে।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট দলে এই পৰ্যন্ত আই এছ এলৰ কোনো এটা সংস্কৰণতে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে যোৱা বছৰৰ জুলাই মাহত নৰ্থ-ইষ্ট দলৰ মেনেজমেণ্টে দিউছক দলটোৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। কিন্তু বিগত তিনিটা সংস্কৰণৰ দৰে এইটো সংস্কৰণতো দলৰ শোচনীয় প্ৰদৰ্শণ অব্যাহত থাকিল। তদুপৰি এই বছৰো দলটোৱে প্লে অফত স্থান নোপোৱাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে।  সেয়েহে নৰ্থ-ইষ্ট দলৰ মেনেজমেণ্টে প্ৰতিযোগিতাখনৰ মাজভাগতে এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

ইয়াৰ উপৰি মঙলবাৰে নৰ্থ-ইষ্ট দলৰ প্ৰশিক্ষণৰ সময়ত মূল প্ৰশিক্ষক দিউছৰ সলনি গলৰক্ষকৰ প্ৰশিক্ষক যোছেফক হে খেলপথাৰত দেখিবলৈ পোৱা গৈছিল। আনহাতে ডে দিউছৰ ঠাইত ভিংগাডাই দলটোৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।