• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বিলং,দাৰ্জিলিঙৰ দৰে গঢ়ি তোলা হ’ব ডিফু আৰু হাফলং চহৰ : মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2018 10:48 am
কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত ভাষণ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ফটো : ইউ বি

কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত ভাষণ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিফু চহৰক শ্বিলঙৰ দৰে জাকতজিলিকা কৰি তোলা হ’ব। একেদৰে হাফলং চহৰকো উন্নত, আকৰ্ষণীয়কৈ দাৰ্জিলিঙৰ দৰে গঢ়ি তোলা হ’ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৭সংখ্যক প্ৰতিষ্ঠা দিৱসত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি ৰূপে উপস্থিত হৈ নিজৰ ভাষণত এইকথা সদৰী কৰে।

কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, ডি আই জি বিষ্ণু প্ৰসাদ ৰাভা, আৰক্ষী অধীক্ষক ড০ ভি শিৱপ্ৰসাদ, পৰিষদৰ কাৰ্যবাহী সদস্যসহ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত ডিফুত মুখ্যমন্ত্ৰীয়ে পাঁচটা অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

Apply Now

মুখ্যমন্ত্ৰীয়ে হাডক’ৰ ঋণেৰে ২২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত হ’বলগা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গেষ্ট হাউছ, ১৫ কোটি টকা ব্যয়সাপেক্ষে শ্ব’পিং মল, ১৫ কোটিৰে পশুপালন বিভাগৰ প্ৰেক্ষাগৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰ, বহুমহলীয়া কাৰ্‌ পাৰ্কিংসহ মুঠ ৩৬০ কোটি টকা আধাৰশিলা স্থাপন কৰে।আনহাতে, মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰে নিৰ্মিত ডিফুৰ এটা পথো উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পাছত ডিফুৰ জয়ছিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। কাৰ্বি পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে সভাপতিত্ব কৰা সভাত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাং, বিশেষ অতিথি ৰূপে উপস্থিত থাকে ক্ৰমে বোকাজান বিধানসভা সমষ্টিৰ ডাঃ নোমল মমিন, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং, ডিমা হাছাও পৰিষদৰ কাৰ্যবাহী সদস্য চেমুৱেল ছিংচন, বিশিষ্ট সমাজকৰ্মী মৃগাংক বৰ্মন, পৰিষদৰ কাৰ্যবাহী সদস্য তথা জিলা বিজেপিৰ অধ্যক্ষ ৰতন টেৰণ আৰু অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতি লংকি ফাংচ’।

মুখ্যমন্ত্ৰীয়ে সভাত ভাষণ দি শনিবাৰে কাৰ্বি পৰিষদে ৬৭ বৰ্ষ গৰকাটো অসমৰ বাবে গৌৰৱৰ দিন আখ্যা দিয়ে। সামাজিক-সাংস্কৃতিক-ধাৰ্মিকভাৱে আমাৰ অসমীয়া জাতি গঠনত কাৰ্বিসকলৰ উল্লেখনীয় অৱদান আছে বুলি ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে পৰিষদক মুখ্য কাৰ্যবাহী সদস্যগৰাকী বিজেপি চৰকাৰৰ দিনত সকলোকে আগত লৈ স্বচ্ছতাৰে উন্নয়নমূলক কাম কৰাৰ প্ৰয়াস কৰা বুলি উল্লেখ কৰে। তিনিখন পাহাৰীয়া জিলাক অতি সুন্দৰ আখ্যা দি এই তিনিখন জিলাৰ জনতাই পূৰ্বে এনে আদৰ পোৱা নাছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

কাৰ্বি আংলং আৰু পিছপৰি নাথাকে বুলি কৈ অসম চৰকাৰে আন্তৰিকতাৰে জিলাখনৰ বিকাশৰ বাবে পুঁজি আবণ্টন কৰা বুলিও মন্তব্য কৰে সোণোৱালে। চৰকাৰৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈও তেওঁ জনসাধাৰণক আহ্বান জনায়। ডিফুত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ কথা উল্লেখ কৰে।

আনহাতে, যোৱা ৮ জুনত ডকমকাৰ পাণজুৰি কছাৰী গাঁৱত সংঘটিত ঘটনাত দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ  ক’তো যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোৱে কাম কৰিব লাগিব বুলি উল্লেখ কৰে। পাণজুৰিৰ নিৰ্দোষী  কাকো হাৰাশাস্তি কৰা নহয়, কিন্তু দোষীয়ে উচিত শাস্তি পাবই বুলি কঠোৰভাৱে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

বিশিষ্ট সাহিত্যিক, অধ্যাপক ৰংবং তেৰাঙে সমন্বয়ৰ বাৰ্তাৰে যি সামাজিক চেতনা জগাই তোলাৰ প্ৰয়াস কৰিছে তাৰ বাবে তেৰাঙক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কাংথিলাংছ’ জলপ্ৰপাতত নীলোৎপল দাস আৰু অভিজিৎ নাথৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণাক প্ৰশংসা কৰে।

আনহাতে, মুকলি সভাতে কবি ধনেশ্বৰ ইংতিক ছেমছিং ইংতি বঁটা প্ৰদান কৰাৰ লগতে প্ৰয়াত ৰাইদাং খৰছিং তেৰাং সোঁৱৰণী  বঁটা প্ৰদান কৰা হয়। আনহাতে, বৰ্ষৰ শ্ৰেষ্ঠ খেতিয়কৰ সন্মান লাভ কৰে চন্দ্ৰ টকবি, ঈম টকবি (উদ্যান শস্য), বিজু বসুমতাৰীয়ে। দীপা ৰংহাংপীক শ্ৰেষ্ঠা আশাকৰ্মীৰ বঁটা প্ৰদান কৰা হয়।

ডিফুৰ মেধাৱী ছাত্ৰী তানাজ খানক অসমৰ এহেজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত স্থান লাভৰ বাবে ৫০ হাজাৰ টকাৰে সন্মানিত কৰা হয়। ছুনিয়া মাৰাকক শ্ৰেষ্ঠা ক্ৰীড়াবিদ ৰূপে মানপত্ৰ আরু নগদ ধনেৰে সন্মানিত কৰা হয়। টাইকোৱাণ্ড খেলুৱৈ অন কিলিঙকো নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd