শ্বিলঙত অচিৰেই স্থাপন হ’ব অত্যাধুনিক কৰ্কট ৰোগ চিকিৎসা সেৱা কেন্দ্ৰ

cancer-570x320

মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নেতৃত্বৰ নতুন চৰকাৰখনে শ্বিলঙত এখন অত্যাধুনিক সা-সুবিধাযুক্ত কৰ্কট ৰোগ চিকিৎসা সেৱা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইয়াক এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

মঙলবাৰে শ্বিলং কমাৰ্চ কলেজত অনুষ্ঠিত কৰ্কট ৰোগ সজাগতা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব প্ৰবীন বক্সীয়ে।

বক্সীয়ে লগতে আঙুলিয়াই দিয়ে যে মধুমেহ, হৃদৰোগ, ষ্ট্ৰ’ক আৰু কৰ্কটৰ দৰে অ-সংক্ৰমিত ৰোগসমূহ তাৎপৰ্যপূৰ্ণভাৱে গোটেই দেশত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে।

তেওঁ লগতে কয় যে কেন্দ্ৰই ২০২২ চনৰ ভিতৰত উপ স্বাস্থ্য কেন্দ্ৰসমূহক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ হিচপে নামকৰণ কৰাৰ পৰিকল্পনা কৰিছে।

ইয়াৰ মাজতে, নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজিউনেল ইনষ্টিটিউট অফ হেল্থ এণ্ড মেডিকেল চায়েন্সেছ (নেইগ্ৰিমছ)ৰ চাৰ্জিকেল অ’নক’লজি বিভাগৰ সহকাৰী অধ্যাপক চেলিব হেৰিছে কয় যে খাদ্য নলীৰ কৰ্কট মেঘালয়ত সাধাৰণ ধৰণৰ কিয়নো পাহাৰীয়া ৰাজ্যখনৰ অধিকাংশ লোকেই ধপাত, মদ আৰু তামোল খায়।

হেৰিছে লগতে কয় যে ঘাতক ৰোগ বিধ অতি যন্ত্ৰনাদায়ক। ‘’অভ্যাসৰ পৰিৱৰ্তনৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰাটো উত্তম।‘’

বিশ্ব প্ৰাপ্তবয়স্ক ধপাত সেৱন সমীক্ষা ২০১৬-১৭’ অনুসৰি মেঘালয়ৰ সকলো প্ৰাপ্তবয়স্কৰ ভিতৰত ৪৭ শতাংশই হয় ধোঁৱাযুক্ত ধঁপাত সেৱন বা ধোঁৱাবিহীন ধঁপাত সেৱন কৰে। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ২৮.৬ শতাংশ।