যুৱক-যুৱতীসকলক প্ৰশিক্ষণৰ লগতে উদ্দ্যোগীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে সোমবাৰে জনতা ভৱনত আযোজিত এক পৰ্যালোচনা সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো জিলাতে বিনিয়োগ আৰু দক্ষতা সন্মিলন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাজ্যখনৰ ৩ লাখ যুৱক-যুৱতীক দক্ষ কৰি তোলাৰ লক্ষ্যক সফল কৰিবলৈ জিলা ঔদ্যোগিক কেন্দ্ৰ সমূহে ব্যক্তিগত খণ্ডৰ উদ্দ্যোগী সকলৰ সৈতে যুটীয়াভাৱে উক্ত অনুষ্ঠানসমূহ আয়োজন কৰিব লাগিব।
অসম চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত হাৱা এক বুজাবুজি চুক্তিৰ অংশ হিচাপে ৰাজ্যখনৰ ৪০০ যুৱক-যুৱতীক বিভিন্ন ক্ষেত্ৰত দক্ষ কৰি তোলা হ’ব।
এই ক্ষেত্ৰত প্ৰশিক্ষণ গ্ৰহণৰ উদ্দেশ্যে ৰাজ্যখনৰ ৩০ গৰাকী প্ৰশিক্ষকে ছিংগাপুৰ ভ্ৰমণ কৰিব।
সভাখনত মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ পথ যোগাযোগৰ উন্নয়নৰ বাবে গড়কাপ্তানি আৰু পৰিবহণ বিভাগক একেলগে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।
তেওঁ বিভাগ দুটাক জিলা পৰ্যায়ত সমন্বয় স্থাপনৰ লগতে পথ আৰু পৰিবহণ ক্ষেত্ৰৰ দ্ৰুত উন্নয়নৰ বাবে NHIDCL, NHAI আদি সংস্থাক জড়িত কৰিবলৈ আহ্বান জনায়।