• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলো ৰাইজ ওলাই আহিছে; ই অসমীয়া জাতি জীয়াই থকাৰ লক্ষণ : অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 9:37 pm
AkhilGogoi

অখিল গগৈ। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী, সংবিধানৰ মূল বৈশিষ্ট্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আজি সকলো ৰাইজ ওলাই অহাটো অসমীয়া জাতিৰ জীয়াই থকাৰ লক্ষণ বুলি মন্তব্য কৰিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। “আজি মোৰ জীৱনৰ আজি এটা ভাল দিন। সকলো ৰাইজ ওলাই আহিছে। ই অসমীয়া জাতি জীয়াই থকাৰ লক্ষণ।” আজি খানাপাৰাত সাংবাদিকৰ আগত এইদৰে কয় কৃষক নেতাজনে।

উল্লেখযোগ্য যে আজি খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমৰ ৰাইজ-দল-সংগঠনৰ মত ল’বলৈ সংসদীয় যুটীয়া কমিটীয়ে শুনানিৰ ব্যৱস্থা কৰিছিল। উক্ত শুনানিত কৃষক মুক্তিৰ ফালৰ পৰা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি নিজৰ ভাষ্য দিয়াৰ লগতে স্মাৰকপত্ৰ দিয়াৰ পিছত সাংবাদিকৰ আগত ওপৰোক্ত মন্তব্য কৰে কৃষক নেতাজনে। লগতে তেওঁ বিধেয়কখনৰ বিৰোধিতা কৰি ওলাই অহা প্ৰতিজন নাগৰিকক ধন্যবাদ জ্ঞাপন কৰে।

Apply Now

আনহাতে নেতাজনে যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে দুদিনমান পূৰ্বে দিল্লীত ‘ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল। গতিকে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াত আপত্তি ক’ত বুলি’ কৰা মন্তব্যটো উঠাই ল’বলৈ দাবী জনায়।

লগতে নেতাজনে এই শুনানি পক্ৰিয়াত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, “বৰাক উপত্যকাৰ তিনিখন জিলাৰ বাবে দুদিন শুনানিৰ দিন ধাৰ্য কৰাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৩০খন জিলাৰ বাবে মাত্ৰ এদিন শুনানি অনুষ্ঠিত কৰাটোক চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিয়ে।

আনহাতে বিজেপি চৰকাৰে হিন্দু বিদেশীক ভাৰতত সংস্থাপন কৰিব বিচৰা সিদ্ধান্ত বাতিল নকৰিলে অসম আন্দোলনতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক নেতাজনে। তেওঁৰ লগতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলেও উক্ত স্থানত হিন্দু বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দি ধৰ্ণা, শ্ল’গান দিয়া পৰিলক্ষিত হয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, গগৈয়ে সাংবাদিকৰ আগত কোৱা মতে, যুটীয়া সমিতিয়ে তেওঁক প্ৰশ্ন কৰে যে অসমৰ বাহিৰে আন ৰাজ্যত যদি নিৰ্যাতিত হিন্দুসকলক নাগৰিকত্বসহ সংস্থাপন কৰে, তেন্তে তেওঁ তাক মানি ল’ব নেকি বুলি প্ৰশ্ন সুধিছিল। উত্তৰত তেওঁ দুটা চৰ্ত আগ বঢ়ায়- ১। অসমক জন্মু আৰু কাশ্মীৰৰ দৰে যদি বিশেষ ৰাজ্যৰ মৰ্য্যাদা দিয়ে আৰু ২। অৰুণাচল প্ৰদেশৰ দৰে অসমত অসমৰ খিলঞ্জীয়া লোকৰ বাদে আনে মাটি-বাৰী কিনিব নোৱৰাৰ ব্যৱস্থা কৰাৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰে, তেন্তে অসমৰ বাহিৰত সংস্থাপন কৰিলে আপত্তি নাই বুলি কোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd