সদৌ অসম মটৰ পৰিবহণ সন্থাই ১১ জুনৰ পৰা ১৩ জুনলৈকে আহ্বান জনোৱা চকা বন্ধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে। সদৌ অমস মটৰ পৰিবহণ সন্থাই আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।
উল্লেখযোগ্য যে সদৌ অসম মটৰ পৰবিহণ সন্থাই যোৱা ৪ জুনৰ চকা বন্ধৰ কাৰ্যসূচীৰ পিছত পুনৰ ১১ জুনৰ পুৱা ৫ বজাৰ পৰা ১৩ জুনৰ পুৱা ৫ বজালৈকে তৈলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চকা বন্ধ ঘোষণা কৰিছিল।
কিন্তু আজি এক প্ৰেছ বিবৃতিযোগে সন্থাটোৱে জনোৱা অনুসৰি পবিত্ৰ ৰমজান মাহৰ অন্তত ঈদৰ প্ৰতি লক্ষ্য ৰাখি চকা বন্ধ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
আনহাতে একেটা বিবৃতিতে সন্থাটোৱে তৈল্যজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোৱা ৪ জুনত আহ্বান জনোৱা কাৰ্যসূচীত পৰিবহণ ব্যৱসায়ী তথা সমগ্ৰ ৰাইেজ জনোৱা সঁহাৰিৰ প্ৰতি কৃতজ্ঞতা জনাই।