সন্দেহজনক হত্যাকাৰীক কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ ত্ৰিপুৰা আৰক্ষীৰ

দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাৰ এখন গাঁৱত যোৱা দেওবাৰে ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই উত্তৰ ত্ৰিপুৰাৰ কদমটলা আৰক্ষী থানাৰ জলাইবাচা গাঁৱৰ হৰিচ আলী নামৰ এজন ৪০ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰে। লোকজনক তেওঁৰ ককায়েক লুতফুৰ ৰহমানৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে সম্পত্তিক লৈ হোৱা কাজিয়াৰ বাবে দেওবাৰে পুৱা লুতফুৰ ৰহমান নামৰ ৫০ বছৰীয়া লোকজনক গুলীয়াই হত্যা কৰা হৈছিল। অভিযুক্ত হৰিচ আলীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত ত্ৰিপুৰা আৰক্ষীক অসম আৰক্ষীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা হত্যাকাণ্ডটোত ব্যৱহৃত পিষ্টলটো উদ্ধাৰ কৰা হৈছে।

উল্লেখযোগ্য যে উত্তৰ ত্ৰিপুৰাৰ জলাইবাচা গাঁৱৰ স্থায়ী বাসিন্দা লুতফুৰ ৰহমানে ব্যৱসায় সূত্ৰে অসমৰ কৰিমগঞ্জত বাস কৰি আহিছিল।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি হৰিচে ইতিমধ্যে অপৰাধ স্বীকাৰ কৰিছে আৰু আজি তেওঁক ন্যায়ালয়ত হাজিৰ কৰোৱা হ’ব। যোৱা ৩ বছৰৰ পৰা হৰিচে নাগালেণ্ডত ব্যৱসায় কৰি আহিছিল।