সম্পুৰ্ণ লোকচানত চলি আছে ৰাজ্যিক পৰিবহণ নিগম : চন্দ্ৰমোহন পাটোৱাৰী

Assam State Transport Corporation

অসম চৰকাৰৰ অধিনস্থ অসম ৰাজ্যিক পৰিবহণ নিগম যে শোচনীয় অৱস্থাত আছে সেই কথা স্বীকাৰ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

বুধবাৰে চলিত অসম বিধানসভা অধিবেশণৰ প্ৰশ্নোত্তৰকালত বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত এই কথা স্বীকাৰ কৰি পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যিক পৰিবহণ নিগম সম্পুৰ্ণ লোকচানত চলি আছে।

ধনৰ অভাৱৰ ফলত নিগমৰ অধিকাংশ বাছ আস্থানৰে অৱস্থা শোচনীয় হৈ পৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে আস্থানসমূহ মেৰামতিৰ বাবে বিত্ত বিভাগৰ পৰা ধন বিচাৰি প্ৰস্তাৱ প্ৰেৰণ হৈছিল যদিও যোৱা বিত্তীয় বৰ্ষত অনুমোদন নোহোৱাত পুনৰ এইবাৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।

পৰিবহণটোক টনকীয়াল কৰি তোলাত সম্পুৰ্ণৰূপে বিফল হোৱা ৰাজ্য চৰকাৰে এতিয়া পৰিবহণ নিগমৰ মাটি ব্যক্তিগত খণ্ডক গটোৱাৰ যো-জা চলাইছে।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে মহানগৰীৰ ৰূপনগৰত থকা নিগমৰ মাটিত হায়াট ৰিজেন্সীৰ এখন তাৰকাযুক্ত হোটেল নিৰ্মাণৰ প্ৰস্তাৱ আহিছে। একেদৰে পৰিবহণ নিগমৰ বাছসেৱাতো ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰস্তাৱ আহিছে বুলি তেওঁ জনায়।

ইতিমধ্যে ১,৩০৯খন ব্যক্তিগত মালিকানাধীন বাছ চলি থকা নিগমৰ অধীনত ব্যক্তিগত খণ্ডৰ ভলভ’ আৰু মাৰ্চিডিছ বাছ চলোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ সদৰী কৰে।