মহানগৰীৰ এগৰাকী মহিলাই বাক্সা জিলাইৰ বাৰমাৰ ৮ গৰাকী মহিলাৰ পৰা সেনা বাহিনীত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত তথ্য মতে নিজকে প্ৰাক্তন সেনা বাহিনীৰ পত্নী বুলি দাবী কৰা মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰক বাৰমাৰ চেণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুলত ভৰ্তি কৰায়। আনহাতে সেই সুযোগতে মহিলাগৰাকীয়ে স্থানীয় মহিলা সকলৰ সৈতে চা-চিনাকী হৈ বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰে।
উক্ত মহিলাগৰাকীয়ে একাংশ নিৱনুৱা মহিলাক সেনাবাহিনীত বি গ্ৰেডৰ চাকৰি দিয়াৰ নামত প্ৰলোভিত কৰে। মহানগৰীৰ চাণ্ডমাৰীৰ নিৱাসী এই মহিলাগৰাকীয়ে ইয়াৰে ৮ গৰাকী মহিলাক চাকৰি দিয়াৰ নামত টকা বিচাৰি অহ্বান জনায়।
কিন্তু শেহতীয়াকৈ জানিব পৰা মতে ভুক্তভোগী মহিলা সকলে বাৰমা আৰক্ষী থানাত মহিলা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। য’ত ভুক্তভোগী মহিলা সকলে উক্ত মহিলা গাৰাকীয়ে তেওঁলোকক চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰে তেওঁলোকৰ পৰা ৩ লাখ ৭০ হেজাৰ টকা সংগ্ৰহ কৰা বুলি উল্লেখ কৰে। লগতে তেওঁলোকে টকা সংগ্ৰহ কৰাৰ পিছতে মহিলাগৰাকীয়ে অন্তৰ্ধান হোৱা বুলি জানিবলৈ দিয়ে।
বাৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জানিবলৈ দিয়া মতে উক্ত প্ৰাৱঞ্চনাকাৰী মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে আৰু অতি শীঘ্ৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিব বুলি কয়।