• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালৰ দৰে জাতীয় নায়ক অসমত কোনোকালে জন্ম হোৱা নাছিল : অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 12:31 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ প্ৰসংগক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা কৃষক নেতা অখিল গগৈয়ে এইবাৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ দৰে জাতীয় নায়ক অসমত কোনোকালে জন্ম হোৱা নাছিল বুলি কোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ দিল্লী-নাগপুৰৰ শৰণ লৈ কপালত ফোঁট লোৱা জাতীয় নায়ক অসমৰ ৰাইজে বিগত দিনত প্রত্যক্ষ কৰা নাছিল৷ অসমৰ জাতীয় নায়ক বুলিলে মণিৰাম দেৱান, আনন্দৰাম ঢেকীয়াল ফুকন আদিকহে আমি জানো৷— এই মন্তব্য কৃষক নেতা অখিল গগৈৰ৷

কালি দুলীয়াজানৰ ডেইলি বজাৰস্থিত লখিমী পেলেচত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, সদৌ অসম চুতীয়া ছাত্র সন্থা, সদৌ অসম গোর্খা ছাত্র সন্থা, সদৌ অসম আদিবাসী ছাত্র সন্থা, ছাত্র মুক্তি সংগ্রাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্র সন্মিলনী, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, মটক মহিলা পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিসমূহৰ যৌথ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অনুষ্ঠিত বিশাল প্রতিবাদী নাগৰিক সভাত কৃষক নেতা অখিল গগৈয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

Apply Now

কালি প্রতিবাদী সভাৰ যোগেদি মুখ্য মন্ত্রীক ক্ষুৰধাৰ সমালোচনা কৰি কৃষক নেতাজনে সর্বানন্দ সোণোৱালক দিল্লী-নাগপুৰৰ ওচৰত আঁঠু ল’বলৈ এৰি অসম আৰু অসমীয়াৰ স্বার্থত মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰি ৰাইজৰ পক্ষত থিয় দিবলৈকো মুকলি আহবান জনায়৷

সাংবাদিক জয়ন্ত ভূঞাই আঁত ধৰা প্রতিবাদী সভাখনত যুৱ-ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয়— ‘ৰাইজৰ প্রতিবাদ যি চৰকাৰে উপেক্ষা কৰে সেই চৰকাৰৰ পতন হোৱাটো নিশ্চিত বুলি ইতিহাসে কয়৷ যুৱ-ছাত্র পৰিষদৰ স্পষ্ট মত ১৯৭১ চনৰ পাছত অহা কোনো বিদেশীৰ বোজা অসমে গ্রহণ নকৰে’৷ যুৱ-ছাত্র পৰিষদ বঙালী বিদ্বেষী নহয় বুলি কৈ সকলো বঙালী সংগঠনকে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ তেওঁ আহবান জনায়৷

সভাৰ আনজন বক্তা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রাধ্যাপক ড০ সত্যকাম বৰঠাকুৰে কয়— ‘আমি ভাৰতবর্ষৰ সংবিধানক শ্রদ্ধা কৰোঁ৷ বিধেয়কখন আইনত পৰিণত হ’লে সাংবিধানিক চৰিত্র হেৰুৱাব৷ ভাৰতত নির্যাতিত মুছলমানসকলৰ দৰে বাংলাদেশত কোনো হিন্দু লোক নির্যাতিত হোৱা নাই৷ চৰকাৰৰ যদি সদিচছা আছে তেন্তে অসমৰ ৩০ লাখ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ কথা চিন্তা কৰক৷’

দুলীয়াজানৰ শিক্ষাবিদ পূর্ণকান্ত হাজৰিকা, হেমকান্ত গগৈ, জ্যেষ্ঠ সাংবাদিক কৰুণজ্যোতি শইকীয়াকে ধৰি দুই সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত সদৌ অসম ছাত্র সন্থা, কৃষক মুক্তি সংগ্রাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদক নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে একেখন মঞ্চত থিয় হৈ প্রতিবাদ সাব্যস্ত কৰা আৰু পৰৱর্তী সময়ত এই বিধেয়কৰ বিৰোধিতাৰে দুলীয়াজানত বিশাল গণবিক্ষোভ কার্যসূচী ৰূপায়ণ কৰাৰ আহবান জনাই দুটা প্রস্তাৱ গ্রহণ কৰা হয়৷

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am
শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

July 20, 2026 11:14 pm
গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

July 20, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd