• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বচ্ছ পৰিৱেশ নহয়, চৰকাৰে প্ৰথমে এনেকুৱা সামাজিক পৰিৱেশ গঢ়ক, য’ত মানৱতা লুণ্ঠিত নহয় : অপূৰ্ব ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 10, 2018 10:43 pm
ApurbaBhatta

সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“চৰকাৰে প্ৰথমতে স্বচ্ছ পৰিৱেশ গঢ়িব নালাগে, প্ৰথমে সামাজিক পৰিৱেশ গঢ়ক, য’ত মানৱতা লুণ্ঠিত নহয়। শান্তিৰ নীড়ত যাতে আমি তেজৰ তুমুৰলি খেলাৰ কান্দোন শুনিব লগীয়া নহয়।”

আজি ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই এই মন্তৱ্য কৰে।

Apply Now

উক্ত সংবাদমেলতে তেওঁ যুৱক দুজনৰ হত্যাকাণ্ডত শোকপ্ৰকাশ কৰি কয় “দুগৰাকী সম্ভাৱনাময়ী যুৱক, প্ৰকৃতিপ্ৰেমী তথা সংগীত জগতৰ সৈতে জড়িত অভিজিৎ নাথ আৰু নীলোৎপল দাসক যিধৰণে বৰ্বৰভাৱে মৃত্যুমুখলৈ থেলি দিয়া হ’ল, সেই কাণ্ডক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছো।”

তাৎপৰ্য্যপূৰ্ণভাৱে কালি কাৰ্বি আংলঙত হোৱা ঘটনাটোক “সভ্য সমাজৰ নামত এক কলংক” বুলিও অভিহিত কৰাৰ লগতে কয়, “দুয়োগৰাকী নিৰপৰাধী নিৰীহ যুৱকৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গক সান্ত্বনা দিবৰ বাবে আমাৰ ওচৰত কোনো ভাষা নাই।” ভট্টাচাৰ্য্যই কয়।

যুৱক দুজনৰ আক্ৰমণ কৰাৰ পৰিৱেশ সম্পৰ্কে ৰাজ্যৰ আৰক্ষী মহল সজাগ নথকাটো দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয়, “যিটো সময়ত ৰাজ্যৰ বাহিৰৰ পৰা এটা দলৰ আগমন ঘটিছে বুলি ছ’চিয়েল মিডিয়াৰ জৰিয়তে আতংকিত এটা উৰাবাতৰি অতি দ্ৰুতগতিত প্ৰচাৰ হৈছিল, সেই সময়ত অসম আৰক্ষীৰ চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ বিভাগটো ক’ত আছিল? ছ’চিয়েল মিডিয়াই পৰিস্থিতিৰ ৰূপ সলনি কৰিব পাৰে বুলি অসম আৰক্ষী কি কাৰণত সামান্যতমো নিশ্চিত নাছিল।”

“জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাটো এখন চৰকাৰৰ প্ৰথম আৰু প্ৰাথমিক দায়বদ্ধতা।” এনেদৰে উল্লেখ কৰি তেওঁ লগতে কয়, “মুখ্য মন্ত্ৰীৰ হাতত ন্যস্ত গৃহ বিভাগে সান্ত্বনা দিলেই পৰিস্থিতি শান্ত হৈ নাযায়, এই কথাষাৰ ভালদৰে হৃদয়ংগম কৰা উচিত।”

তেওঁ অভিযোগ কৰে, “সাম্প্ৰতিক বিজেপি চৰকাৰখনে শাসনলৈ অহাৰ পিছৰে পৰা আমাৰ সমাজ জীৱনত অব্যাহত থকা সাতামপুৰুষীয়া একতা, সংহতি, বিশ্বাস আৰু পাৰস্পৰিক বন্ধুত্ব সেইবোৰ ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে। বিশ্বাসৰ সলনি অবিশ্বাস আৰু পৰিকল্পিত ধাৰণাৰে সমাজত যি ত্ৰাসৰ সৃষ্টি কৰি থকা হৈছে তাৰ বিপৰীতে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে?”

কাৰ্বি আংলঙৰ ঘটনাটোৱেই একমাত্ৰ ঘটনা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে একে সময়তে ঢেকীয়াজুলি বিধানসভাৰ অন্তৰ্গত মিছামাৰিত মূকবধিৰ তথা মানসিক বিকাৰগ্ৰস্ত লোক এগৰাকী এনে সন্দেহৰ বলি হ’ল, বিশ্বনাথৰ এগৰাকী বৃদ্ধ ডাইনী সন্দেহত একেই ঘটনাৰ বলি হ’ল।

তাৎপৰ্য্যপূৰ্ণভাৱে কাৰ্বি আংলঙক জিলা উপায়ুক্তই সেই ঠাইলৈ গ’লে জিলা প্ৰশাসনৰ অনুমতি ল’ব লাগে বুলি কৰা মন্তব্যৰ ঘোৰ বিৰোধিতা কৰি তেওঁ কয় ‘অভিজিৎ আৰু নীলোৎপল বিদেশী পৰ্য্যটক আছিল নেকি? তেওঁলোক ঘৰৰ ল’ৰা ঘৰৰ ভিতৰৰে ক’ৰবাত যাওঁতে অনুমতিৰ প্ৰশ্ন ক’ৰ পৰা আহে?

“জিলা প্ৰশাসনে সোপাধৰা, ডাইনী আৰু মানুহৰ অংগ কাঢ়ি নিয়া এটা সু-সংগঠিত দলৰ ৰাজ্যখনত প্ৰৱেশ কৰিছে বুলি এটা বাতৰি যেতিয়া সকলোৰে মুখে-মুখে আছিল, কিয় স্পৰ্শকাতৰ অঞ্চলসমূহত ৰাইজক সচেতন কৰিবলৈ আহ্বান জনোৱাৰ ব্যৱস্থা হাতত নল’লে?” জিলা প্ৰশাসনক প্ৰশ্ন কৰে ভট্টাচাৰ্য্যই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd