মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আগবঢ়োৱা হৈছে বডোচা সমন্বয় বঁটা । অহা ২ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়ে মুখ্য মন্ত্ৰী সোণোৱালক এই বঁটা প্ৰদান কৰা হ’ব।
বুধবাৰে এই কথা সদৰী কৰে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে। নতুন দিল্লীত আয়োজিত সংবাদমেলত সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে, প্ৰতি বছৰে মৰাণ ছাত্ৰ সন্থাই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি আহিছে।
উল্লেখ্য যে এইবাৰ মৰাণ ছাত্ৰ সংগঠনটোৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিচুকীয়া জিলাত পাঁচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে। আৰু প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনা মুখ্য মন্ত্ৰী সোণোৱালক এই বঁটা প্ৰদান কৰা হ’ব।
আনহাতে ছাত্ৰ সংগঠনটোৱে যিহেতু এইবাৰ সোণালী জয়ন্তী পালনৰ আয়োজন কৰিছে, সেয়ে প্ৰতিষ্ঠা দিৱসলৈ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক আমন্ত্ৰণ জনোৱা বুলি জানিবলৈ দিয়ে।
ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় জনজাতি দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰাঙে প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
তাৎপৰ্যপূৰ্ণ কথা যে প্ৰতিষ্ঠা দিৱসৰ সময়তে যদি চৰকাৰে মৰাণসকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰে তেনেহ’লে তেওঁলোকে প্ৰতিষ্ঠা দিৱসৰ পাছতেই তীব্ৰ আন্দোলন গঢ়ি তুলিব সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ছাত্ৰ নেতা অৰুণজ্যোতি মৰাণে।