NORTHEAST NOW (Assamese)

হঠাতে দিয়া চৰকাৰী নিৰ্দেশনাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে চলিত গুৱাহাটী গ্ৰন্থমেলাত

December 31, 2017 3:29 pm · এন ই নাও নিউজ
Updated: December 31, 2017 4:44 pm

হঠাতে দিয়া চৰকাৰী নিৰ্দেশনাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে চলিত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত। শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ক চলিত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ পৰাই ২ লাখকৈ টকাৰ কিতাপ কিনিবলৈ উচ্চ শিক্ষা বিভাগে দিয়া নিৰ্দেশনাই সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এফালে প্ৰান্তীয় অঞ্চলবোৰৰ মহাবিদ্যালয়বোৰৰ বাবে গুৱাহাটীৰ দূৰত্বই সমস্যাৰ সৃষ্টি কৰিছে। আনফালে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ অসহযোগৰ ফলত গ্ৰন্থমেলাত বিপণি কম হোৱাৰ লগতে প্ৰয়োজনীয় সংখ্যক তথা কলেজৰ লাইব্ৰেৰিৰ বাবে উপযুক্ত গ্ৰন্থৰ অভাৱ দেখা গৈছে। গতিকে এই চৰকাৰী নিৰ্দেশনাৰ ধামখুমীয়াত পৰি কলেজৰ শিক্ষক-লাইব্ৰেৰিয়ানৰ হাহাকাৰ অৱস্থা হৈছে।

উল্লেখযোগ্য যে গ্ৰন্থমেলাখনৰ আৰম্ভণি বা তাৰ আগলৈকে এই ধৰণৰ কোনো ঘোষণা উচ্চ শিক্ষা বিভাগে কৰা নাছিল। গতিকে মহাবিদ্যালয়বোৰ ইয়াৰ বাবে সাজু নাছিল আৰু লগতে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা বিপণিবোৰো সাজু নাছিল। কিন্তু মূলতঃ গ্ৰন্থমেলাখনক ফ্লপ শ্ব’ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু লগতে অসহযোগকাৰী সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ব্যৱসায়ীসকলক এক অভাৱনীয় অনুশোচনাত ভোগোৱাৰ মতলবেৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলত উচ্চ শিক্ষা বিভাগে এই চমৎকাৰী নিৰ্দেশনাটো ততাতৈয়াকৈ দিয়ে। কিন্তু এই নিৰ্দেশনাই এতিয়া স্বয়ং কলেজৰ শিক্ষক-লাইব্ৰেৰিয়ানকে জীয়াতু ভোগাইছে। কাৰণটো হ’ল প্ৰায়বোৰ প্ৰকাশক আৰু বিক্ৰেতাৰ অসহযোগৰ ফলত গ্ৰন্থমেলাত নাই পৰ্য্যাপ্ত আৰু উপযুক্ত কিতাপ। এজন কলেজ শিক্ষকে অভিযোগ কৰা মতে যিবোৰ কিতাপ তেওঁলোকে পাইছে তাৰ সকলোবোৰ কলেজৰ লাইব্ৰেৰিৰ কাৰণে উপযুক্ত নহয়। কিন্তু তেওঁলোকে এতিয়া কম উপযুক্ত কিতাপকে কিনিবলৈ বাধ্য হৈছে।

আন এজন কলেজ শিক্ষকে কয় যে ২ লাখকৈ টকাৰ কিতাপ কিনিবলৈ নিৰ্দেশ দিয়াটো ভাল হৈছে। কিন্তু গুৱাহাটীৰ গ্ৰন্থমেলাৰ পৰাই কিনিব লাগিব বুলি কোৱাটোৱে বহুতকে অসুবিধাত পেলাইছে। কাৰণ শদিয়া বা ধুবুৰীৰ কলেজ এখনে ইমান দূৰৰ পৰা আহি মাত্ৰ দুই-চাৰিদিনৰ ভিতৰত এই কামটো কৰাত যথেষ্ট অসুবিধা আছে।

আনহাতে নাম প্ৰকাশত অনিচ্ছুক এজন গ্ৰন্থ বিক্ৰেতাই অভিযোগ কৰে যে কলেজৰ পৰা কিতাপ কিনিবলৈ অহা কিছু সংখ্যক লাইব্ৰেৰিয়ান তথা কলেজ শিক্ষকে তেওঁলোকৰ পৰা কমিছনো বিচাৰিছে। বহুতো দোকানীয়ে নিজৰ বিক্ৰী বঢ়োৱাৰ স্বাৰ্থত এনেকুৱা বুজাবুজি কৰিবলৈ বাধ্য হৈছে।

উল্লেখযোগ্য যে চৰকাৰী নিৰ্দেশনাৰ এই ধামখুমীয়াত এতিয়া কিতাপৰ বিপণিবোৰৰ ভিতৰত থিয় হ’বলৈও ঠাই নোহোৱাৰ দৰে। তাৰোপৰি কিতাপৰ টোপোলা বন্ধাৰ কাম, কিতাপ নিৰ্বাচনৰ কাম, বিল বনোৱাৰ কাম –এই সকলো মিলি এক বিশৃংখলাৰ পৰিৱেশ সৃষ্টি হৈছে গ্ৰন্থ বিপণিবোৰৰ সন্মুখত।

কোৱা প্ৰয়োজন যে এই নিৰ্দেশনাৰ সুবাদত প্ৰথমৰ শাৰীৰ ডাঙৰ আকাৰৰ executive stall বোৰত দৈনিক ৪ ৰ পৰা ৬ লাখ টকালৈকে বিক্ৰী হোৱাৰ বিপৰীতে পিছৰফালে পৰা সৰু ষ্টলবোৰত গ্ৰাহকৰ অভাৱ। পিছৰ শাৰীৰ ষ্টলবোৰে লোকচানৰ শংকাত ভোগা দেখা গৈছে। অৰ্থাৎ মহাবিদ্যালয়ৰ পৰা কিতাপ কিনিবলৈ অহাসকলৰ বাদে আন গ্ৰাহকৰ উপস্থিতি তেনেই সেৰেঙা।

 

Related News