হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমদিনা পৰীক্ষা চলি থকাৰ সময়তে হোৱাটছ্এপ যোগে প্ৰশ্নকাকত ফাদিল কৰা ঘটনাক লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ এগৰাকী শিক্ষক বিপদত পৰাৰ পিছত এইবাৰ একেখন জিলাৰে সুখচৰত এখন কম্পিউটাৰ-জেৰক্সৰ দোকানত নকল প্ৰস্তুত কৰি থকা সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুজন যুৱকক।
উল্লেখযোগ্য যে জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা সুখচৰ থানাৰ অধীনস্থ সমছেৰ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক নকল যোগান ধৰিবলৈ বিদ্যালয়খনৰ কাষতে থকা সুখচৰ বজাৰৰ কম্পিউটাৰ-জেৰক্সৰ দোকান এখনত দোকানী আৰু এটা নকল যোগানকাৰীয়ে লেপটপ আৰু জেৰক্সৰ সহায়ত নকল প্ৰস্তত কৰি থকা সময়ত ডিএছপি আৰিফ আহমেদ অভিযান চলায়।
এই অভিযান কালত আৰক্ষীয়ে দোকানখনত লেপটপৰ সহায়ত নকল প্ৰস্তত কৰি থকা সময়ত কৰায়ত্ত কৰে দোকানখনৰ গৰাকী আফজাল হক প্ৰধানী আৰু জাকিৰ ইছলামক। লগতে দোকানখনৰ পৰা এটা লেপটপ জব্দ কৰাৰ লগতে দুটাকৈ মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে।
এই সন্দৰ্ভত আৰক্ষী অধীক্ষত অমৃত ভূঞাই জানিবলৈ দিয়া মতে মেট্ৰিক পৰীক্ষাত চৰকাৰে শিক্ষাৰ্থীক বঁটা হিচাপে দিয়া লেপটপৰ সহায়ত দোকানখনত নকল প্ৰস্তত কৰি পৰীক্ষা গৃহলৈ যোগান দি আহিছিল দুষ্ট চক্ৰটোৱে।
আনহাতে পৰীক্ষা চলি থকা সময়ত সুখচৰ কেন্দ্ৰত পৰ্যবেক্ষক হিচাপে জিলা প্ৰশাসনৰ ফালৰ পৰা মানকাচৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া আখিৰুল ইছলাম কেন্দ্ৰটোত উপস্থিত হৈ মুঠ ৩১ টা মোবাইল জব্দ কৰে। লগতে হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচ শিক্ষাৰ্থীক বহিষ্কাৰ কৰে । ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জস্থিত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দ্বিতীয় দিনাৰ গণিত বিষয়ৰ পৰীক্ষা দিবলৈ অহা পাঁচ পৰীক্ষাৰ্থীক নকলৰ অভিযোগত বহিষ্কাৰ কৰে।