NORTHEAST NOW (Assamese)

হোজাইত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্য্যাতনৰ অভিযোগ

April 28, 2018 5:06 pm · নিখিল মুন্দ্ৰা

অসমৰ লগতে দেশজুৰি নাৰী নিৰ্য্যাতনৰ ঘটনাই তোলপাৰ লগাই থকাৰ পৰতে আজি ২৮ এপ্ৰিলত হোজাই ( Hojai ) যমুনামুখৰ বৰজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেশ্বৰ মেধিৰ বিৰুদ্ধে বিদ্যালয়ৰ এগৰাকী কণমাণি ছাত্ৰীক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। শিক্ষকজনে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে।

জানিব পৰা মতে প্ৰথম মানৰ ৫ বছৰীয়া ছাত্ৰীগৰাকীয়ে অভিভাৱকক ঘটনাটো সম্পৰ্কে অৱগত কৰে।

ছাত্ৰীগৰাকীৰ অভিভাৱকে স্থানীয় কিছুলোকৰ সৈতে বিদ্যালয়খনত উপস্থিত হয় আৰু শিক্ষকজনক ধৰি মাৰপিট কৰে।

ঘটনাৰ খবৰ পাই যমুনামুখ আৰক্ষী ততাতৈয়াকৈ আহি ঘটনাথলী বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শিক্ষকজনক আটক কৰি থানালৈ লৈ যায়।

Related News