মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি হোজাই জিলা প্ৰশাসনৰ উদ্যোগত জে কে কেডিয়া ভৱনত আয়োজিত এক বৈঠকত অংশ গ্ৰহণ কৰি চৰকাৰী বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত জিলাখনত বৰ্তমানলৈকে নিৰ্মাণ কৰা গৃহ তথা ‘ইন্দিৰা আৱাস যোজনা’ৰ অধীনত বাকী থকা গৃহ নিৰ্মাণৰ খতিয়ান লয়।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ সমূহ অগ্ৰাধিকাৰ ভিত্তিত নিৰ্মাণ কৰাৰ ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ লগতে নিৰ্মাণ কাৰ্যত যাতে গুণগত মান অক্ষুণ্ণ থাকে সেই সম্পৰ্কে উপযুক্ত নিৰীক্ষণৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।
তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এম জি এনৰেগা আঁচনি, জবকাৰ্ডধাৰী সকলৰ দ্বাৰা ৰূপায়ণ কৰা আঁচনি, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন আদিৰ পৰ্যালোচনা কৰাৰ লগতে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটে লাভ কৰা ঘূৰ্ণীয়মান পুঁজি সম্পৰ্কেও খতিয়ান লয়। লগতে এই ক্ষেত্ৰত যাতে কোনো আত্মসহায়ক গোট বঞ্চিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখাৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে।
বৈঠকতে মুখ্য মন্ত্ৰী গৰাকীয়ে পি এম জি এছ ৱাইৰ অধীনত জিলাখনত কিমান টা ৰাস্তা মঞ্জুৰ কৰা হৈছে আৰু কিমান সংখ্যক পথৰ কাম চলি আছে তাৰ বুজ লয়।
আনহাতে সোমবাৰৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা হোজাইৰ আজমল কলেজৰ ছাত্ৰ অমৰ সিং থাপা, বাণিজ্য শাখাত দশম স্থান লাভ কৰা শংকৰদেৱ জুনিয়ৰ কলেজৰ ছাত্ৰ অক্সত চৌচাৰিয়া, হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰা নিলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী নহিমা ফিৰডৌচা বৰভূঞা, প্ৰতিবন্ধী ছাত্ৰী জেবিন কৌচৰ আৰু মিছ ছাহনাজ চুলতানাক সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানটোত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, ডি আই জি বিষ্ণু প্ৰসাদ ৰাভা, জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, হোজাই জিলাৰ আৰক্ষী অধীক্ষককে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।