অসমৰ দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে সাজু হৈছে সদৌ অসম উকীল সন্থা৷ সদৌ অসম উকীল সন্থাই অহা ১২ জুনত ৰাজপথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবী জনাব ৷
১২ জুনত দিনৰ ১-২ বজালৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ আৰু মহকুমা সদৰত উকীল সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ধৰ্মঘট-সমদল উলিয়াব।
সন্থাই ধৰ্মঘট-সমদলৰ অন্তত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।
অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদত ৰাজপথ উত্তাল কৰি ৰখাৰ সময়তে জাতীয় স্বাৰ্থত অধিবক্তাসকলেও সহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজপথলৈ ওলাই আহিব। তদুপৰি, অধিবক্তাসকলৰ এই সিদ্ধান্তই অসমৰ জনসাধাৰণৰ দাবীক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰিব পাৰি।
ইয়াৰ পূৰ্বেও সদৌ অসম উকীল সন্থাই অসমৰ জাতীয় সমস্যাক লৈ আন্দোলনত অংশগ্ৰহণ কৰাৰ নজিৰ আছে। বিশেষকৈ গণ আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰা প্ৰতিটো বিষয়তে তেওঁলোকে ৰাইজৰ পক্ষত মাত মাতি আহিছে।
আনহাতে, জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচীত সকলো প্ৰকাৰৰ লোকৰ সহায়-সহযোগিতা কামনা কৰিছে সদৌ অসম উকীল সন্থাই ৷