পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা নকৰিলে আন্দোলৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।
এই কথা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে মঞ্চৰ সাধাৰণ সম্পাদক ভুৱনেশ্বৰ লহকৰে জনায়।
সাধাৰণ সম্পাদক গৰাকীয়ে কয়, ‘আমি সময় ধৰি দিছো যে পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ ধৰণে অহা ১৫ আগষ্টৰ ভিতৰত যদিহে বিদ্যলয়সমূহৰ পদ প্ৰাদেশিকীকৰণ কৰি নিযুক্তি পত্ৰ প্ৰদান নকৰে তেনেহ’লে অহা ১৬ আগষ্টৰ পৰা অসমৰ প্ৰতিখন জিলাৰ পৰা অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ইয়াৰ আটাইবিলাক ভাতৃ সংগঠনৰ লগত লগ লাগি উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ আমাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। তাৰ পাছত অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা শিক্ষকক প্ৰতাৰণা দিৱস হিচাপে ধৰি লৈ সেই দিনটোত অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতক মহাবিদ্যালয়লৈ সকলো স্তৰৰ শিক্ষানুষ্ঠানৰ সকলো শিক্ষক-কৰ্মচাৰীয়েই গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিব।’
তাৰোপৰি সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে তেওঁলোকৰ ন্যায্য দাবীত এইদৰে ওলাই আহিবলৈ বাধ্য হৈছে। গতিকে উক্ত দিনাৰ কাৰ্যসূচীত ঘটিব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ’ব বুলি স্পষ্ট কৰি দিয়ে।
ইাফালে অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সভাপতি কুশল কুমাৰ হালৈয়ে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলক প্ৰতিটো ৰাজনৈতিক দলে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰি থকা বুলি মন্তব্য কৰে।
তাৰোপৰি সভাপতি গৰাকীয়ে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিৰূদ্ধেও সংবাদমেলত সৰৱ হয়। বৰ্তমানৰ চৰকাৰখনক বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবী জনাই অন্যথা আগন্তুক নিৰ্বাচনত বিজেপিক অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলে যোগ্য প্ৰত্যুত্তৰ দিব বুলিও তেওঁ আজিৰ সংবাদলমেলতে হুংকাৰ দিয়ে।
তেওঁ লগতে শিক্ষামন্ত্ৰীয়ে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰিব লাগিলে পে’ট্ৰল-ডিজেলৰ দাম বঢ়াব লাগিব বুলি কোৱা কথাষাৰৰ তীব্ৰ বিৰোধিতা কৰে। লগতে শিক্ষামন্ত্ৰীয়ে ভেন্সাৰ বিদ্যালয় কি আৰু ভাৰতৰ আন ৰাজ্যত কোনো ভেন্সাৰ বিদ্যালয় নাই বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰ দি কয়, ‘অসমৰ দূৰ্গম ভিতৰুৱা ঠাই সমূহত য’ত চৰকাৰে বিদ্যালয় স্থাপন কৰিব পৰা নাছিল তেনে স্থানত শিক্ষাৰ প্ৰসাৰৰ বাবে এচাম শিক্ষানুৰাগী লোকে চৰকাৰৰ অনুমতি লৈ বিদ্যালয় স্থাপন কৰিছিল। তাৰ বহু সংখ্যক বৰ্তমানো প্ৰাদেশিকীকৰণ হোৱা নাই। তেনে বিদ্যালয় সমূহৰ কথা শিক্ষামন্ত্ৰীয়ে নাজানো বুলি কোৱাটো দুৰ্ভাগ্যজনক’।
ইফালে আজি সংগঠনটোৰ সভাপতি আৰু সম্পাদকে দীৰ্ঘ দিন ধৰি কিছু নীতিগত কাৰণত দুটা গোটত বিভক্ত হৈ থকা অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ অতি শীঘ্ৰে পুনৰ লগ লগাৰ ইংগিত দিয়ে। অহা ১২ আগষ্টত আনটো গোটৰ লগত ৰঙিয়াত এখন বৈঠক অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে।