২০১৭ হ’ব উত্তৰ পূৰ্বাঞ্চলৰ বাবে যুগান্তকাৰী বৰ্ষ : ড০ জিতেন্দ্ৰ সিং

২০১৭ ক উত্তৰ পূৰ্বাঞ্চলৰ বাবে যুগান্তকাৰী বৰ্ষৰূপে উল্লেখ কৰি দ’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে শুকুৰবাৰে কয় যে এই বছৰতো কেৱল কিছুমান উল্লেখযোগ্য উন্নয়নমূলক উদ্যোগৰ সাক্ষীয়েই নহয় বৰঞ্চ দশক জুৰি পৰি থকা বহু বিলাক সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লোৱা এটা বছৰ হিচাপেও ই ইতিহাসৰ পৃষ্ঠাত ঠাই পাব। ড০ সিঙে কয় যে প্ৰধান মন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰী সভাই বৃটিছ শাসনৰ উত্তৰাধিকাৰ বহন কৰি অহা ৯০ বছৰ পুৰণা ভাৰতীয় বন আইন ১৯২৭ ৰ সংশোধন কৰাৰ ফলত ভাৰতীয় বন আইন ১৯২৭ ৰ অধীনত এবিধ ‘গছ’ হিচাপে সংজ্ঞায়িত কৰা ‘বাঁহ’ৰ সংজ্ঞাৰ সংশোধন ঘটি আৰ্থিক ব্যৱহাৰৰ বাবে বাঁহ কাটোতে অনুমতি লোৱাৰ প্ৰয়োজনীয়তা নোহোৱা হ’ল। বনাঞ্চল নোহোৱা অঞ্চলত খেতিৰ লগত জড়িত নোহোৱা লোকসকলকো বাঁহৰ খেতি আৰু বাঁহৰ ব্যৱহাৰৰ অনুমতি দি নিয়োগ সৃষ্টি আৰু উদ্যমিতাৰ ক্ষেত্ৰত নতুন বাটৰ মুকলি  কৰা এই সিদ্ধান্ত তেওঁৰ মতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভাগ্য পৰিৱৰ্তনকাৰী হৈ উঠিব। তেওঁ লগতে কয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকল্পসমূহত পুঁজি যোগানৰ ক্ষেত্ৰত পূৰ্বতে থকা কেন্দ্ৰ-ৰাজ্যৰ ৯০:১০ অংশিদাৰিত্বৰ পৰিৱৰ্তন কৰি স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০০ শতাংশ পুঁজি যোগান ধৰাৰ সিদ্ধান্তটো অন্য এটা ঐতিহাসিক সিদ্ধান্ত। ড০ সিঙে কয় যে ২০১৭ বৰ্ষতে এই অঞ্চলটোত বিনিয়োগ কৰিবলৈ বিচৰা ষ্টাৰ্ট আপ আৰু উদ্যমি সকলৰ বাবে দ’নাৰ মন্ত্ৰ্যালয়ৰ পৰা ‘ভেন্সাৰ কেপিটেল ফাণ্ড’ ৰ সূচনা কৰি উত্তৰ পূৰ্বাঞ্চলে সমগ্ৰ দেশৰ বাবে আৰ্হি স্থাপন কৰিলে। উত্তৰ পূৰ্বাঞ্চলে এই বছৰত কৰা দেশৰ ভিতৰতে  অন্য এটা প্ৰথম কামৰ উদাহৰণ হিচাপে ড০ সিঙে অঞ্চলটোৰ অতি ভিতৰুৱা আৰু দুৰ্গম অঞ্চলসমূহত অ’পিডি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ বাবে আৰম্ভ কৰা হেলিকপ্টাৰ নিৰ্ভৰ ‘এয়াৰ ডিচপেনচৰি’ হৈছে ভাৰতৰ ভিতৰত প্ৰথম এনে সম্পৰীক্ষা। সেই দৰে দ’নাৰ মন্ত্ৰ্যালয়ে বাংলাদেশলৈ নতুন ৰেইল লাইনৰ নিৰ্মাণৰ বাবেও দ’নাৰ মন্ত্ৰ্যালয়ে পুঁজি যোগান ধৰিছে। এই বছৰতে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ নুতন দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এক বিশেষ হ’ষ্টেল নিৰ্মাণৰ কামো আৰম্ভ কৰা হৈছে। তাৰোপৰি উত্তৰ পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু তথ্য কেন্দ্ৰ এটা নিৰ্মাণৰ বাবে দিল্লী উন্নয়ন কৰ্তৃপক্ষৰ পৰা দ্বাৰকাত ১.৩২ একৰ মাটি লোৱা হৈছে।