২০-২৫ বছৰ ধৰি চৰকাৰী বিদ্যালয়ত চাকৰি কৰি অহা শিক্ষকেও এতিয়া ‘বৈধ শিক্ষক’ বুলি নিজকে চৰকাৰৰ ঘৰত প্ৰমাণ দিয়াৰ প্ৰয়োজন হৈ পৰিছে। আচৰিত হ’লেও এই কথা সত্য হৈছে এই অসম মুলুকত। চৰকাৰৰ এনে হঠকাৰী কাৰ্য্যত ক্ষুভিত এই ভুক্তভোগী শিক্ষকসকলে এতিয়া এনে নিৰ্দেশ বাতিল নকৰিলে ৰাজভৱন, মুখ্য মন্ত্ৰীৰ বাসগৃহ ব্ৰহ্মপুত্ৰ অতিথিশালা আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয় ঘেৰাও কৰিব বুলি ভাবুকি দিছে সদৌ অসম কৰ্মৰত অতিৰিক্ত (প্ৰাথমিক/উচ্চ প্ৰাথমিক) শিক্ষক সন্থাই।
উল্লেখযোগ্য যে ১৯৯১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত নিযুক্তি পোৱা তথা অসমৰ বিভিন্ন চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা ৮৪৭০গৰাকী শিক্ষক আৰু ১৯৮৯ চনত নিযুক্তি পোৱা ৭৬৬গৰাকী, মুঠ ৯২৩৬গৰাকী শিক্ষকক নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে স্ক্ৰিনিং কমিটিৰ ভুল প্ৰতিবেদনৰ ভিত্তিত শিক্ষকসকলক ‘বৈধ’ বুলি প্ৰমাণ কৰাৰ জাননী জাৰি কৰিছে চৰকাৰে।
মন কৰিব লগীয়া যে এইসকলৰ বহুকেইজন প্ৰধান শিক্ষকৰ পদতো আছে। তাৰোপৰি এই সকল শিক্ষকক চৰকাৰে নিৰ্বাচনী বিভাগৰ বি এল অ’ আৰু নাগৰিকপঞ্জীৰ কামতো নিয়োগ কৰিছিল।
এওঁলোকৰ মাজৰে কেইখনমান জিলাৰ শিক্ষকসকলে ২০০৪ আৰু আন কিছুমানে ২০১১ চন পৰ্য্যন্ত দৰমহাও পাইছিল। অৱশ্যে আন বহুতেই চাকৰিকালত এটা ফুটাকড়িও পোৱা নাছিল।
কিন্তু স্ক্ৰিনিং কমিটীয়ে অলপতে ভুল প্ৰতিবেদনেৰে চৰকাৰক বিপথে পৰিচালিত কৰাৰ ফলত এইসকলক এতিয়া চাকৰিৰ পৰা বিদায় দিবলৈ ওলাইছে চৰকাৰ। তেওঁলোকৰ চাকৰি বৈধ কেনেকৈ হয়, তাৰ ব্যাখ্যা দিবলৈ জাননী প্ৰেৰণ কৰিছে চৰকাৰে।
এই সন্দৰ্ভত আজি গুৱাহাটীৰ দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি কৰ্মৰত অতিৰিক্ত শিক্ষকসকলে এই ‘বৈধ বুলি কাৰণ দৰ্শোৱা’ৰ জাননী প্ৰেৰণৰ সিদ্ধান্ত বাতিল নকৰিলে আগন্তুক দিনত ৰাজভৱন ঘেৰাও, মুখ্য মন্ত্ৰীৰ বাসগৃহ ব্ৰহ্মপুত্ৰ অতিথিশালা ঘেৰাও আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাওৰ দৰে কাৰ্য্যসূচী ল’ব বুলি ঘোষণা কৰে সদৌ অসম কৰ্মৰত অতিৰিক্ত (প্ৰাথমিক/উচ্চ প্ৰাথমিক) শিক্ষক সন্থাই। ইয়াৰোপৰি শিক্ষক দিৱস ৫ ছেপ্তেম্বৰৰ দিনটোত তেওঁলোকে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰিব।
সংবাদমেলত সন্থাৰ সভাপতি নীলমণি নাথে ১৯৮৯ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত মুঠ ৯২৩৬ গৰাকী শিক্ষকে ২৫-৩০ বছৰ ধৰি নিজ-নিজ বিদ্যালয়ত নিষ্ঠাৰে কৰ্মৰত হৈ আছে বুলি দাবী কৰে।
“৩৯৫৪ গৰাকী চাকৰিৰ সেৱা পুস্তক (Service book) থকা শিক্ষক বুলি স্ক্ৰিনিং কমিটিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।” এই বুলি কয় নীলমণি নাথে।
“২০১২ চনত বিচাৰপতি অমিতাভ দুৱৰা আৰু পি কে শৰ্মাৰ বিচাৰপীঠত স্ক্ৰিনিং কমিটি গঠন কৰি শিক্ষকসকলৰ চাকৰিৰ বৈধতা পৰীক্ষা কৰিবৰ বাবে নিৰ্দেশ দিছিল। কিন্তু চৰকাৰৰ শিক্ষাবিভাগে এই নিৰ্দেশ নামানি ২০১৪ চনতহে স্ক্ৰিনিং কমিটি গঠন কৰি পৰীক্ষা কৰিলে। ২০১৪ চনত স্ক্ৰিনিং কমিটিয়ে বিসংগতিপূৰ্ণ তথ্য দিয়াৰ বাবে পুনৰ ২০১৭ চনত স্ক্ৰিনিং কমিটিয়ে তদন্ত কৰি পুনৰ প্ৰতিবেদন দিলে।” সন্থাৰ বিষয়ববীয়াই এইদৰে কয় সংবাদমেলত।
আনহাতে এই শিক্ষকসকলৰ চাকৰিৰ বিষয়ত কিয় বাৰে-বাৰে তদন্ত কৰি শিক্ষকসকলক মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰা হৈছে বুলি প্ৰশ্ন কৰিছে সন্থাৰ কাৰ্য্যকৰী সভাপতি ভাস্কৰ হাজৰিকাই। লগতে কয় “স্ক্ৰিনিং কমিটিয়ে দিয়া প্ৰতিবেদনতো ক্ষান্ত নাথাকি তেওঁলোকে উপৰোক্ত শিক্ষকসকল কিয় অবৈধ নহয় সেয়া শিক্ষকসকলে নিজে প্ৰমাণ কৰি দিব লগীয়া পৰিস্থিতি আহি পৰিল।” সংবাদমেলত হাজৰিকাই কাৰণ দৰ্শোৱাৰ জাননীখন বাতিল কৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।
আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা সন্থাৰ যুটীয়া সম্পাদক দিলীপ তাঁতীয়ে কৰ্মৰত অতিৰিক্ত শিক্ষকসকল সম্পূৰ্ণৰূপে চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত বুলি দাবী কৰে।
তেওঁ লগতে কয়, “আমাৰ সমান্তৰালকৈ আন কিছু সংখ্যক শিক্ষকক নিযুক্তি দিয়া হৈছিল যিসকলে বৰ্তমানো নিয়মীয়াভাৱে বেতন ভোগ কৰি আছে। আমি বেতন পোৱা দূৰৰে কথা তাৰ বিপৰীতে আজিলৈকে আমাৰ চাকৰিটোৱেই নিয়মীয়াকৰণ নহ’ল।”
ইয়াৰোপৰি তেওঁলোকৰ বাছনি তালিকাতে বেতন লাভ কৰা শিক্ষকসকলৰ নামো একেলগে আছে বুলি তেওঁ সংবাদমেলত দাবী কৰি কয়, “একেটা কাৰ্য্যালয়তে তেওঁলোকে নিযুক্তি পত্ৰ সংগ্ৰহ কৰিছিল আৰু আমিও নিযুক্তি পত্ৰ সংগ্ৰহ কৰিছিলো।”
তেওঁ চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় “একে সময়ছোৱাত নিযুক্তি পোৱা শিক্ষকসকলৰ কিছুমান কেনেকৈ বৈধ হ’ল আৰু আমি কেনেকৈ অবৈধ হ’লো?”
তেওঁ লগতে চৰকাৰক দাবী জনাই কয় “যিহেতু স্ক্ৰিনিং কমিটিৰ প্ৰতিবেদন ভুল প্ৰতিবেদনৰ ভিত্তিত কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰা হৈছে, সেই জাননী অনতিপলমে বাতিল কৰিবৰ বাবে আহ্বান জনাইছো।”