২৩০৫ জনক কনিষ্টবলৰ নিযুক্তিপত্ৰ : নিযুক্তিপত্ৰ বিতৰণৰ এক পৃষ্ঠাৰ ৰঙীন বিজ্ঞাপন দিলে মিতব্যয়িতাৰ কথা কোৱা চৰকাৰে

সকলোকে সম দৃষ্টিৰে সম মৰ্য্যাদা প্ৰদান কৰি ৰাজ্যখনত জীৱন নিৰ্বাহৰ এক সুস্থ পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব অসম আৰক্ষীয়ে ল’ব লাগিব। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ ৰাইজৰ আস্থাৰ পাত্ৰ হ’ব লাগিব অসম আৰক্ষী। এই ক্ষেত্ৰত অসম আৰক্ষীৰ হিমালয় সদৃশ দায়িত্ব আছে। আজি এই কথা কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি খানাপাৰাত অনুষ্ঠিত এক অনুষ্ঠানত মুঠ ২৩০৫ জন যুৱ-যুৱতীক আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তিপত্ৰ বিতৰণ কৰি তেওঁ এই আহ্বান জনায়। তেওঁ নৱনিযুক্ত সকলক জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সততাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে আজি অসম চৰকাৰৰ গৃহ বিভাগৰ অন্তৰ্গত ৰাজ্যখনৰ আৰক্ষী বিভাগত নতুনকৈ নিযুক্তি প্ৰদান কৰা ২৩০৫ গৰাকী কনিষ্টবলক অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তিপত্ৰ বিতৰণ কৰা হয়।

নিজৰ ভাষণত সৰ্বানন্দ সোণোৱালে কয় যে সংঘাতে পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰক দুৰ্বল কৰে আৰু সমন্বয়ে সকলোকে শক্তিশালী কৰে। আৰক্ষী হৈছে নিয়মানুৱৰ্তিতা, সাহস আৰু ত্যাগৰ প্ৰতীক আৰু সেয়েহে আৰক্ষী বাহিনীত নিয়োজিত লোকসকলে নিজৰ কামৰ জৰিয়তে এনে পৰিৱেশ ৰচনা কৰিব লাগিব যাতে জনসাধাৰণে নিৰাপত্তা অনুভৱ কৰে। আৰক্ষী সেৱা ২৪x৭ বুলি কৈ মুখ্য মন্ত্ৰীজনে কয় যে আৰক্ষীৰ পোচাক পৰিধান কৰাৰ দিনৰে পৰা আৰক্ষী বাহিনীৰ লোকসকলে দেশ সেৱাত নিজকে সমৰ্পিত কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয় আৰু নিজৰ ভাল কামৰ জৰিয়তে নৱ নিযুক্ত কনিষ্টবলসকলে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব। তেওঁ কনিষ্টবলসকলৰ অভিভাৱকসকলকো তেওঁলোকৰ সন্তানে যাতে নিষ্ঠা আৰু সততাৰে কাম কৰে তাৰ বাবে দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে কয় যে আৰক্ষী বিভাগক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাৰল নেতৃত্বত গৃহ বিভাগে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে ২৩০৫ গৰাকী কনিষ্টবলক নিযুক্তি দিছে। তাৰোপৰি বিভাগটোৱে যোৱা ডেৰ বছৰত ৩৪৩ গৰাকী উপ-পৰিদৰ্শক, ২৭ গৰাকী সহকাৰী জেইলাৰ, ১২২ গৰাকী আৰক্ষীৰ অন্যান্য পদবীৰ কৰ্মচাৰী আৰু অনুকম্পামূলক নিযুক্তি হিচাপে ৮ গৰাকী সহায়ক আৰু ২৯ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিছে।

উল্লেখযোগ্য যে আজিৰ নিযুক্তিপত্ৰ বিতৰণৰ বাবে চৰকাৰে স্থানীয় বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। সচেতন ৰাইজে মিতব্যয়িতাৰ কথা কোৱা চৰকাৰৰ এই অপ্ৰয়োজনীয় আত্মপ্ৰচাৰমূলক কাৰ্য্যত ধনৰ অপচয় কৰাটো সহজভাৱে ল’ব পৰা নাই।