২৫ জানুৱাৰিত সংঘটিত মাইবাং কাণ্ডৰ আজি শুনানি গ্ৰহণ

মাইবাং
যোৱা ২৫ জানুৱাৰীত নাগালিমত ডিমা হাচাও জিলা অন্তৰ্ভুক্তিৰ প্ৰতিবাদত মাইবাং ৰেল ষ্টেচনত আৰক্ষীৰ গুলীত ২ গৰাকী প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে ১০ জন গুৰুতৰভাৱে আহত হৈছিল।
আজি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালৰ উপস্থিতিত মাইবাং কাণ্ডৰ গণ শুনানি স্থানীয় ডিশ্ৰু সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আজিৰ এই গণ শুনানিত পাৰ্বত্য জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ ৰাইজো উপস্থিত থাকে।
শুনানিটোত অঞ্চলটোৰ ৰাইজৰ লগতে বা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত থাকি সাক্ষ্য প্ৰদানৰ লগতে জিলা উপায়ুক্তক চাকৰিৰ পৰা নিলম্বনৰ লগতে গ্ৰেপ্তাৰৰ দাবী তুলি লিখিতভাৱে পত্ৰও প্ৰদান কৰে।
 আনহাতে শুনানিটোত মাইবাং কাণ্ডত গুলীবিদ্ধ হোৱা বিশাল হোজাই, থাইস্ৰিঙ হোজাই আৰু জয়জিত দাউলাগুপুয়ে সাক্ষ্য প্ৰদান কৰি আৰক্ষীয়ে চলোৱা গুলীৰ বৰ্ণনা দিয়ে। আহত প্ৰতিবাদকাৰী বিশাল হোজাইয়ে দিয়া ভাষ্য অনুসৰি আৰক্ষীয়ে প্ৰত্যক্ষ ভাৱে প্ৰতিবাদকাৰী সকলৰ ওপৰতে জঁপিয়াই পৰি গুলীচলনা কৰিবলৈ ধৰিছিল।
আজিৰ গণশুনানিটোত ডিমাচা এপেক্স বডি জেএন এইচকে ধৰি ডিএছ ইউ আডছু, ডিমাচা মাদাৰ্চ এছ’চিয়েছনৰ লগতে আন আন সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।
নৰ্থ ইষ্ট নাওৰ লগত হোৱা সাক্ষাতকাৰত অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালে কয় যে ৰাইজৰ পৰা সাক্ষ্য গ্ৰহণৰ লগতে তেওঁলোকৰ লিখিত অভিযোগো গৃহীত কৰা হয় আৰু অনতি পলমে এই তদন্তৰ প্ৰতিবেদন প্ৰকাশ পাব।
ইফালে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলং বাৰে তদন্ত ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধন্যবাদ জ্ঞাপন কৰি জিলা উপায়ুক্ত দেবজ্যোতি হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী জনায়।
আনহাতে ডিমাচা এপেক্স বডি জে এন এইচৰ সভাপতি কল্যাণ দাওলাগুপুয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।