বাগছা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচ’কৰ নিকটৱৰ্তী অমিতাভ ৰাভা সোঁৱৰণী ক্ষেত্ৰত অতি ক্ষীপ্ৰ গতিত দিনে নিশাই অব্যাহত আছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা বাগছা জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত ২৭.২৮ আৰু ২৯ জানুৱাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লগতে নিখিল ৰাভা মহিলা পৰিষদৰ নৱম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ’ব।
ইতিমধ্যে মুখ্য প্ৰৱেশদ্বাৰ, বিশাল ৰভা মঞ্চ, ভোজনালয়, বাণিজ্য কেন্দ্ৰস্থলী আদি নিৰ্মাণৰ অধিকাংশ কাম সম্পন্ন হৈ উঠিছে। অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে প্ৰকাশ কৰা মতে অধিৱেশনখন সকলো ক্ষেত্ৰতে সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। এই ক্ষেত্ৰত সকলো শ্ৰেণীৰ তামুলপুৰীয়া ৰাইজ তথা বাক্সা জিলাৰ সমূহ কৰ্মকৰ্তাৰ সহায় সহযোগিতা আশা কৰিছে অভ্যৰ্থনা সমিতিয়ে।
উল্লেখ্য যে যোৱা কেইবামাহ ধৰি তামুলপুৰ ঘগ্ৰাচ’ক-কালাকুছি পথছোৱাৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও গড়কাপ্তানী বিভাগৰ অৱহেলাৰ বাবে এক কিলোমিটাৰ পথো সম্পূৰ্ণ হৈ নুঠিল। জানিব পৰা মতে অধিৱেশনৰ আহ্বায়ক সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো ঘগ্ৰাচ’কৰ পৰা অধিৱেশনস্থলীলৈ যোৱা মাত্ৰ দুই কিলোমিটাৰ পথো পকীকৰণ নকৰিলে। অধিৱেশনৰ প্ৰাক মূহুৰ্তত তামুলপুৰ ঘগ্ৰাচ’ক-কালাকুছি পথছোৱাৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে নিখিল ৰাভা বাগছা জিলা ৰাভা ছাত্ৰ সন্থা, তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে।