চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ২৭ ফেব্ৰুৱাৰিত বাগিচা বন্ধৰ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই।
শনিবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সংঘৰ সভাপতি পৱনসিং ঘটোৱাৰে অসমৰ মাটিতে চাহ বাগিচা স্থাপন কৰি ব্যৱসায় চলাই থকা অসমৰ প্ৰথমটো চাহ কোম্পানী অসম চাহ কোম্পানীয়ে অসমৰ মাটি বন্ধকত থৈ বেংকৰ পৰা কোটি কৌটি টকা ঋণ লৈ অন্য স্থানত বিনিয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে।
সংবাদ মেলখনত ঘাটোৱাৰে অসমৰ প্ৰথম চাহ কোম্পানী অসম চাহ কোম্পানীক দেউলীয়া ঘোষণা কৰা বুলি উল্লেখ কৰি কয়, এই কোম্পানীৰ অধীনত থকা ১৪খন চাহ বাগিচাত ২৫ হাজাৰতকৈ অধিক শ্ৰমিকে কাম কৰি আছে।
অসমৰ মাটি বন্ধকত থৈ অসম চাহ কোম্পানীয়ে প্ৰায় এহেজাৰ কোটি টকাতকৈও অধিক ঋণ লৈ অন্য ঠাইত বিনিয়োগ কৰাৰ পাছতো অসম চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
আনকি এই সন্দৰ্ভত সংঘই মুখ্যমন্ত্ৰীক যোৱা ১৩ নৱেম্বৰত স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও আজিৰ তাৰিখলৈকে উক্ত স্মাৰক পত্রৰ কোনো সদুত্তৰ লাভ কৰা নাই।
আনহাতে দৰমহা নোপোৱাত শ্ৰমিকৰ পৰিয়ালৰ হাহাকাৰৰ সৃষ্টি হৈছে।
সেয়েহে কোম্পানীটোৰ কলকাতাস্থিত কাৰ্যালয়ত শ্ৰমিকে পাবলগীয়া ২৩ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ বাবে দাবী উত্থাপন কৰিছোঁ।
আনহাতে অসম চৰকাৰৰ অধীনত থকা অসম টী কৰ্প’ৰেশনৰ ১৫খন বাগিচাত প্ৰায় ২২ হাজাৰৰো অধিক স্থায়ী কৰ্মচাৰী আছে। কিন্তু এই কোম্পানীটোৱে শ্ৰমিকক দিয়ে মাত্ৰ ১১৫ টকা দিন হাজিৰা।
আনহাতে অসমৰ ক্ষুদ্ৰ চাহ বাগিচাত ২ লাখতকৈ অধিক শ্ৰমিকে ন্যূনতম হাজিৰাৰ বিনিময়ত কাম কৰি আছে বুলি জানিবলৈ দি তেওঁ কয়, অসম চৰকাৰে ২০১৪ চনতে ১৪০ টকা দিন হাজিৰা দিব লাগে বুলি জাননী জাৰি কৰিছিল।
কিয়নো উক্ত বাগিচাৰ শ্ৰমিকসকলে ৰেচন, আৱাস, প্ৰভিডেণ্ট ফাণ্ড, বোনাছ আদি একোৱে লাভ নকৰে।
ক্ষুদ্ৰ চাহ বাগিচাৰ মালিকসকলে শ্ৰমিকক মাত্ৰ ৯৫-১১০ টকাত নিয়োজিত কৰি আহিছে। কিন্তু চৰকাৰে সেই বাগিচাৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই।