৬ মাহৰ ভিতৰত ফৰেনছিকৰ খালী পদ পূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati-High-Court-

ৰাজ্যত অনাকাংক্ষিতভাবে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এনেবোৰ অপৰাধজনিত সমস্যা তদন্তৰ বাবে ফৰেনছিকৰ প্ৰতিবেদন অনস্বীকাৰ্য যদিও ৰাজ্যৰ একমাত্ৰ ফৰেনছিক পৰীক্ষাগাৰৰ দুৰৱস্থাই এতিয়া স্বাভাবিকতে চিন্তাৰ কাৰণ হৈ পৰিছে। একমাত্ৰ পৰীক্ষাগাৰটোৰ দুৰৱস্থাৰ বাবেই দীৰ্ঘদিন ধৰি আৰক্ষী প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰি আহিছে।

ইতিমধ্যে বহুবাৰ আবেদন-নিবেদন কৰাৰ পাছতো পৰীক্ষাগাৰটোৰ অৱস্থা উন্নত কৰাৰ সলনি চৰকাৰে অন্য ৰাজ্যৰ পৰীক্ষাগাৰলৈহে তথ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি।

৩৫/১৬ নম্বৰৰ এখন নিজাববীয়া ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মনজিৎ ভূঞাৰ বিচাৰপীঠে ছমাহৰ ভিতৰত পৰীক্ষাগাৰৰ সকলো খালী পদ পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে।

কেৱল এয়াই নহয়, ছমাহৰ ভিতৰত এই সন্দৰ্ভত অগ্ৰগতিৰ খতিয়ান দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। তদুপৰি পৰীক্ষাগাৰৰ কাম-কাজ নিৰীক্ষণৰ বাবে পুনৰ ফৰেনছিক ছায়েন্স ডেভেল’পমেণ্ট ব’ৰ্ড গঠনৰো নিৰ্দেশ দিয়ে।

এই ব’ৰ্ডে নিৰীক্ষণ কৰিব পুঁজি ব্যয় আৰু পৰীক্ষাগাৰৰ কাম-কাজ। প্ৰত্যেক ছমাহৰ মূৰে মূৰে এই ব’ৰ্ডে বৈঠক অনুষ্ঠিত কৰি কাম-কাজ নিৰীক্ষণ কৰিব লাগিব।

উল্লেখযোগ্য যে ৰাজ্যৰ একমাত্ৰ ফৰেনছিক বিজ্ঞানগাৰটো বহু দিনৰে পৰা ভাৰাক্ৰান্ত হৈ আছে পৰ্যাপ্ত মানৱ সম্পদৰ অভাৱৰ লগতে আন্তঃগাঁথনিৰ এশ এবুৰি সমস্যাৰে।

প্ৰাপ্ত তথ্য অনুসৰি ১৪৪টা অনুমোদিত পদৰ ৪৪টা পদেই খালী হৈ থকাৰ লগতে খোদ সঞ্চালকৰ পদটোও দীৰ্ঘদিন ধৰি খালী হৈ আছে পৰীক্ষাগাৰত। ৫২টা ৰিপ’টিং বিষয়াৰ ৩১টা পদেই খালী হৈ থকাৰ ফলত ডিএনএকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফাইল মীমাংসাহীনভাৱে পৰি আছে।