ৰঙালী মহোৎসৱৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী

ৰঙালী পৰ্যটন মহোৎসৱৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে গুৱাহাটী। এই মহোৎসৱখনি অহা ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব।

ৰঙালী মহোৎসৱত কলা, সংগীত, খাদ্যসম্ভাৰৰ উপৰি বিভিন্নধৰণৰ প্ৰতিযোগিতা আৰু উদ্যোগ বিষয়ক আলোচনা চক্ৰ আদি অনুষ্ঠিত হ’ব।

এই বছৰ মহোৎসৱখনিত অঞ্চলটোৰ অত্যন্ত প্ৰতিভাসম্পন্ন যুৱ শিল্পীসকলৰ সমাৱেশ ঘটিব। বিভিন্নধৰণৰ কলা, শিল্প আৰু সংগীতৰ লগতে মহোৎসৱখনত চ্যুকাফা, চিলাৰায়, লাচিত বৰফুকন আৰু ভূপেন হাজৰিকাৰ দৰে মহানায়কসকলৰ স্মৃতি ৰোমন্থন কৰা হ’ব।

প্ৰতিভাৱান চিত্ৰশিল্পী শান্তনু হাজৰিকাৰ অসমীয়া উপাদানৰ সংমিশ্ৰণত সৃষ্টি কৰা তেওঁৰ সুকীয়া ৰীতিৰ কলা প্ৰদৰ্শিত হ’ব।

ৰঙালীৰ চতুৰ্থ সংস্কৰণত উদ্যোগ বিষয়ত বিশেষ দৃষ্টি দিয়া হ’ব। চৰকাৰ আৰু মূলধনী বিনিয়োগকাৰী,বেংক বিষয়া তথা প্ৰতিষ্ঠিত উদ্যোগীৰ সৈতে যুৱ উদ্যোগীসকলক মত বিনিময় কৰাৰ এখন মঞ্চ আগবঢ়োৱা হ’ব।

মহোৎসৱখনিয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ জীৱন আৰু সংস্কৃতি তুলি ধৰিব। আয়োজকসকলে মহোৎসৱখনিৰ কাৰ্যসূচীত অংকীয়া ভাওনা, মুখা ভাওনা, নৃত্য পৰিচালনাৰ প্ৰতিযোগিতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰ’ক বেণ্ড প্ৰতিযোগিতাৰ লগতে অঞ্চলটোৰ বিভিন্ন নৃত্য আংগিক আৰু শিল্প প্ৰদৰ্শনীৰ ব্যৱস্থা ৰাখিছে।

অসমীয়া খাদ্য সম্ভাৰ হ’ব ইয়াত মুখ্য আকৰ্ষণ। অঞ্চলটোৰ প্ৰায় ২০ গৰাকী শীৰ্ষ পৰ্যায়ৰ ডিজাইনাৰে তেওঁলোকৰ কাৰুকাৰ্য খচিত পৰিচ্ছদৰ প্ৰদৰ্শন আগবঢ়াব।

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত দীঘলিপুখুৰীত এক পৰম্পৰাগত নাওখেল প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব।