• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজৰ সন্মুখত পূৰ্বৰ দুখন বাজেটৰ খাতিয়ান দাঙি ধৰিবলৈ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যাহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 16, 2018 8:20 pm
APCC
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ মাৰ্চৰ দিনা উত্থাপিত বাজেটখনক বিত্ত মন্ত্রী ড0 হিমন্ত বিশ্ব শৰ্মাই একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণমুখী বুলি নামকৰণ কৰাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এইখন সস্তীয়া তথা চমক সৃষ্টিকাৰী বাজেট বুলি উল্লেখ কৰিছে।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰদেশ কংগ্ৰেছে হিমন্তক কটাক্ষ কৰি কয় যে হিমন্তই ‘খুতুৰা শাকৰ পানী খাই মাংস খোৱাৰ উগাৰ মৰা’ নীতি গ্ৰহণ কৰিছে।

Apply Now

অসম প্ৰদেশ কংগ্ৰেছৰ মতে, ‘’যিসময়ত মোডী চৰকাৰে পুঁজি আবণ্টনৰ পৰিমাণ প্ৰত্যেক বছৰে ক্ৰমান্বয়ে হ্ৰাস কৰিছে সেই সময়তে বিত্ত মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্য্যাপ্ত পুঁজি অহা বুলি মিথ্যাচাৰৰ আশ্ৰয় লৈছে।‘’

ইয়াৰোপৰি কংগ্ৰেছে প্ৰেৰণ কৰা বিজ্ঞপ্তিটোত উল্লেখ কৰে, ‘’যোৱা বছৰৰ সৰ্বকালৰ দীঘল বক্তৃতাৰ বাজেট ৰূপায়ণত চৰমভাৱে ব্যৰ্থ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰো পুনৰ সস্তীয়া তথা চমক সৃষ্টিৰে শ্লোক, কাব্যৰস আৰু প্ৰতিশ্ৰুতিৰে ভৰপূৰ এখন ডিজিটেল বাজেট উত্থাপন কৰিলে। ‘’

বিজ্ঞপ্তিটোত বাজেটত উল্লেখ থকা প্ৰতিশ্ৰুতিসমূহ কথাৰ ফুলজাৰি বুলি কোৱা হৈছে। লগতে আঁচনিসমূহ অলংকাৰ-উপমাতে আবদ্ধ থকা বুলি সদৰী কৰে।

তেওঁলোকৰ মতে, ‘’ই-বাজেট, ডিজিটেল বাজেট, একত্ৰীকৰণ, সম্প্ৰসাৰণ, উত্তৰণ আদি শব্দৰ মায়াজালেৰে অসমৰ জনসাধাৰণক ভাল দিনৰ সপোনেৰে পুনৰ আশ্বস্ত কৰিব বিচাৰিছে।‘

আনহাতে কালি সদনত কংগ্ৰেছ দলৰ চৰকাৰ আৰু প্ৰাক্তন মুখ্য মন্ত্ৰীক হিমন্তই কৰা সমালোচনা সন্দৰ্ভত তেওঁলোকে কয়, ‘’বিত্ত মন্ত্ৰীয়ে ৰখা বক্তব্যসমূহৰ দ্বাৰা প্ৰকৃততে প্ৰতিশ্ৰুতি পূৰণত নিজৰ চৰম ব্যৰ্থতাসমূহ ঢাকি ৰাখিবৰ বাবে তথা ৰাইজৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈ এনে ধৰণৰ মন্তব্য কৰিছে।‘’

তদুপৰি তাৎপৰ্য্যপূৰ্ণভাবে বিৰোধী দলটোৱে প্ৰশ্ন উত্থাপন কৰি কয়, ‘’যদি কেন্দ্ৰৰ পৰা পৰ্য্যাপ্ত পৰিমাণৰ ধন আহিছেই তেন্তে কি কাৰণত ভগা মথাউৰিকেইটা পুনৰ মেৰামতি কৰিব নোৱাৰিলে?

কি কাৰণত ঠিকাদাৰসকলক প্ৰাপ্য ধনৰ যোগান ধৰিব নোৱাৰিলে? লগতে কৃষকৰ পৰা ধান কিনিবলৈ কৃষি বিপণন পৰিষদক চৰকাৰে পুঁজি যোগান ধৰিব পৰা নাই কিয়?’’

বিৰোধী দল কংগ্ৰেছে পূৰ্বৰ দুখন বাজেটৰ খাতিয়ান ৰাইজৰ সন্মুখত দাঙি ধৰাৰ লগতে নতুন বাজেট ৰূপায়ণৰ বাবে পুঁজি সংগ্ৰহ কৰিবৰ বাবে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd