নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত গঠিত যুটীয়া সংসদীয় কমিটীয়ে অসমৰ নাগৰিকৰ পৰা মতামত গ্ৰহণ কৰাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু দেই ৰাজহুৱা স্থানত কৰা সাম্প্ৰদায়িক মন্তব্যই সমগ্ৰ অসমতে ব্যাপক চৰ্চা লাভ কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপিত হৈছে।
এই পৰিপ্ৰেক্ষিততেই হোজাই আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰী ড০ অৰ্ধেন্দু দে’ক আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। আৰক্ষীৰ নিৰ্দেশ অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকী বৃহস্পতিবাৰে হোজাই আৰক্ষীৰ ওচৰত হাজিহ হয়।
জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অলপতে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছত হোজাই অৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তেওঁক আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পাছত প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীয়ে বৃহস্পতিবাৰে প্ৰায় ১০:৩০ বজাত কেইবা শ সমৰ্থকৰ সৈতে হোজাই আৰক্ষীৰ ওচৰত হাজিৰ হয়।
উল্লেখ্য যে অসম নাগৰিক মঞ্চৰ সভাপতি ড০ দেই এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা মন্তব্য কৰিছিল।
জেৰাৰ পূৰ্বে সাংবাদিকৰ আগত ড০ দেই তেওঁৰ বিৰূদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে।
দিনৰ ১২:৩০ বজাত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াই দুঘণ্টা ধৰি জেৰা কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ আকৌ কয় যে অৰক্ষীৰ জেৰাতো তেওঁ তেওঁৰ বিৰূদ্ধে উদ্থাপিত অভিযোগসমূহ ভিত্তিহীন বুলি কৈছে।
ড০ দেই কয় যে তেওং প্ৰথমৰ পৰাই ২০১৪ৰ ভোটাৰ তালিকা অনুসৰি তেওঁ নাগৰিকক সাংবিধানিক নিৰাপত্তা আৰু নাগৰিকত্ব প্ৰদান কৰাৰ সপক্ষে মাত মাতি আহিছে।
তেওঁ আৰু কয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও তেওঁক সমৰ্থন কৰে আৰুগগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ আমোলত এই বিষয়োটো ৰাজ্যৰ কেবিনেটত উত্থাপনো কৰা হৈছিল।
হোজাইৰ আৰক্ষী অধীক্ষক অজগৗৰান বসুমতাৰী আৰু উপ আৰক্ষী অধীক্ষক ভনিতা নাথে কৈছে যে ড০ অৰ্ধেন্দু কুমাৰ দে’ৰ বিপক্ষে ধাৰা ১৫৩/ক৩৪ ৰ অধীনত ৰাজহুৱা স্থানত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগমৰ্মে ৩২১/১৮ নং গোচৰ ৰুজু কৰি তেওঁক আৰক্ষীৰ ওচৰত বৃহস্পতিবাৰে হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰিছে যে ড০ অৰ্ধেন্দু দে’ই সকলো প্ৰশ্নৰেই উত্তৰ দিছে আৰু বিষয়টো নিষ্পত্তি নোহোৱা পৰ্যন্ত প্ৰয়োজনত তেওঁক আৰু তলব পৰা হ’ব পাৰে।
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা ভাস্কৰ শইকীয়াই কয় যে অসমত সকলো জাতিৰ মানুহে শান্তি আৰু সম্পীতিৰে বাসকৰি আহিছে আৰু এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য অসমৰ সামাজিক অন্তঃগাঁথনিৰ বাবে উদ্বেগজনক।