ৰাজ্যত পুনৰ হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনৰ

নুমলীগড়ত এজনৰ মৃত্যু:

হাতী- মানুহৰ সংঘাতৰ পৰিণতিত পুনৰ প্ৰাণ গ’ল এজন যুৱকৰ। আজি নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত পুৱতি নিশা এটা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বিষ্ণুপুৰৰ মুকুট গগৈ নামৰ এজন যুৱকে। জানিব পৰা মতে হাতীটোৱে চাহ বাগিচাখনত অচম্বিতে প্ৰৱেশ কৰাত এক আতংকময় পৰিৱেশৰ সৃ্ষ্টি হয়। ফলত হাতীটো খেদি পঠিয়াবলৈ অঞ্চলবাসীয়ে চেষ্টা কৰে যদিও হাতীটোৰ প্ৰত্যাক্ৰমণত যুৱকজনৰ মৃত্যু ঘটে।

অঞ্চলবাসীয়ে জনোৱা মতে যোৱা কিছু দিনৰ পৰা সেই অঞ্চলত  ৭০ টাৰো অধিক বৃহৎ হাতীৰ জাক এটাই ঘৰ-দুৱাৰ তথা সম্পত্তিৰ যথেষ্ট ক্ষয় ক্ষতি সাধন কৰি আহিছিল। বন বিভাগ তথা স্থানীয় প্ৰশাসনক বাৰে বাৰে খবৰ দিয়াৰ পিছতো একো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে। যাৰ বাবে এই যুৱকজনৰ মৃত্যু হোৱা বুলি স্থানীয় একাংশই মত পোষণ কৰাৰ লগতে ঘৰ- দুৱাৰ, সম্পত্তিৰ ক্ষতি পূৰণ তথা বনৰীয়া হাতীৰ উপদ্ৰৱৰ স্থায়ী সমাধানৰ দাবী জনাই অঞ্চলবাসীয়ে।

গোৱালপাৰাত এজনৰ মৃত্যু :

আনহাতে অনুৰূপ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাত। হাতীৰ আক্ৰমণত জিলাখনৰ ধুপধৰা হাকোজুলি গাঁৱৰ বিষ্ণু ৰাভা (২৭) নামৰ যুৱকজনৰ আকস্মিক মৃত্যু ঘটে। আজি পুৱতি নিশা হাতীৰ জাক এটা চেকোৱাৰী অঞ্চলত প্ৰৱেশ কৰাত অঞ্চলবাসীৰ মাজত হুৱা-দুৱা লাগে। যাৰ ফলত স্থানীয় ৰাইজে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰাত হাতীৰ আক্ৰমণত যুৱকজনৰ মৃত্যু হয়। বিভিন্ন সময়ত চেকোৱাৰী অঞ্চলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা হাতীৰ জাক নামি আহি অঞ্চলবাসীৰ যথেষ্ট ক্ষয়ক্ষতি সাধন কৰি আহিছিল।

লক্ষ্যণীয় যে বিগত কিছুদিন ধৰি ৰাজ্যত অব্যাহত থকা বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে বন বিভাগ তথা বনমন্ত্ৰীৰ নিৰৱ ভূমিকাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে।