গুৱাহাটীৰ বামুণীমৈদামত থকা অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিমকে ধৰি পাঁচখন ৰাজ্যৰ একমাত্ৰ জনস্বাস্থ্য বিশ্লেষণাগাৰত মানৱ সম্পদৰ অভাৱত বিশ্লেষণাগাৰটোৰ জনসেৱা এক প্ৰকাৰ ধোঁৱাচাঙত উঠিছে। প্ৰয়োজনীয় মানৱ সম্পদৰ অভাৱত জনস্বাস্থ্য বিশ্লেষণাগাৰত সম্প্ৰতি ঘৰুৱা খাদ্য তথা তৰল সামগ্ৰীৰ নমুনা পৰীক্ষা বন্ধ হৈ পৰিছে।
এই সৰ্ন্দভত জনস্বাস্থ্য বিশ্লেষণাগাৰৰ খাদ্য বিশ্লেষক অনুপম গগৈয়ে কয় যে বিশ্লেষণাগাৰত খাদ্য, তৰল সামগ্ৰীৰ নমুনা পৰীক্ষাৰ বাবে অহা সামগ্ৰীৰ পৰিমাণ বাঢ়ি গৈ আছে। তাৰ তুলনাত কিন্তু বিশ্লেষণাগাৰত বেছিকৈ খাদ্য বিশ্লেষক আৰু কৰ্মচাৰী কম। অথচ খাদ্য বিশ্লেষক আৰু কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰা দূৰৈৰ কথা, খালী হৈ থকা পদবোৰে পূৰণ হোৱা নাই।
জনস্বাস্থ্য বিশ্লেষণাগাৰৰ খাদ্য বিশ্লেষকগৰাকীয়ে জনোৱা মতে, বিশ্লেষণাগাৰত বৰ্তমান খাদ্য বিশ্লেষক আৰু আন আন কৰ্মচাৰীকে ধৰি ১৩৩টা পদ আছে। ইয়াৰে ৩৮টা পদ বৰ্তমান খালী হৈ আছে। জনস্বাস্থ্য বিশ্লেষণাগাৰত অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিমকে ধৰি পাঁচখন ৰাজ্যৰ খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষা কৰা হয়। প্ৰতি মাহে অসমৰ লগতে এই ৰাজ্যকেইখনৰ পৰা ৯০০-ৰো অধিক খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষা কৰাৰ বাবে আহে। এই সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে। কিন্তু তাৰ বিপৰীতে ৰাজ্য চৰকাৰে বিশ্লেষণাগাৰটোৰ মানৱ সম্পদ বৃদ্ধি কৰাত কোনো গুৰুত্ব দিয়া নাই।
উল্লেখযোগ্য যে বিশ্লেষণাগাৰত চাৰি ধৰণৰ নমুনা পৰীক্ষা কৰা হয়। ব্যক্তিগত আৰ্থাৎ ঘৰুৱা খাদ্য তথা তৰল সামগ্ৰী, বাণিজ্যিক খাদ্য তথা পানীয়, চৰকাৰী খাদ্য তথা পানীয় আৰু দেশৰ বাহিৰৰ পৰা অহা খাদ্য তথা পানীয় এই চাৰি ধৰণৰ সামগ্ৰীৰ নমুনা পৰীক্ষা কৰা হয়।
ব্যক্তিগত আৰ্থাৎ ঘৰুৱা খাদ্য তথা পানীয়ৰ নমুনা একোটাৰ পৰীক্ষা কৰাৰ বাবদ ১০০ টকা, বাণিজ্যিক খাদ্য তথা পানীয়ৰ একোটা নমুনা পৰীক্ষা কৰাৰ বাবদ ৫০০ টকা, চৰকাৰী খাদ্য তথা পানীয়ৰ নমুনা একোটা পৰীক্ষা কৰাৰ বাবদ ১০০০ টকা আৰু দেশৰ বাহিৰৰ পৰা অহা খাদ্য তথা পানীয়ৰ একোটাৰ নমুনা পৰীক্ষা কৰাৰ বাবদ ৫০০০ টকা মাচুল লোৱা হয়। ব্যক্তিগত আৰু বাণিজ্যিক খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষাৰ ফলাফল ১৫ দিনৰ পিছত আৰু চৰকাৰী খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষাৰ ফলাফল ১৪ দিনৰ পিছত দিয়াৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ আছে। কিন্তু কোনো সামগ্ৰীৰে নমুনাৰ পৰীক্ষাৰ ফলাফল সময়ত দিয়া নহয়। যোৱা এসপ্তাহমানৰ পৰা ব্যক্তিগত তথা ঘৰুৱা সামগ্ৰীৰ নমুনাৰ পৰীক্ষা বন্ধ ৰখা হৈছে।
এই সৰ্ন্দভত বিশ্লেষণাগাৰৰ এগৰাকী খাদ্য বিশ্লেষকে জনায়, “বিশ্লেষণাগাৰত নমুনা সংগ্ৰহৰ বাবে অহা সামগ্ৰীৰ পৰিমাণ ইমানে বাঢ়ি গৈছে যে আমাৰ কামৰ বোজা বাঢ়িছে। এফালে কম মানুহ আৰু ইফালে কামৰ বোজা। যাৰ বাবে সামগ্ৰীৰ নমুনাৰ পৰীক্ষাৰ ফলাফল নিৰ্ধাৰিত সময়ত দিব নোৱৰা বাবে আমি সদ্যহতে ব্যক্তিগত তথা ঘৰুৱা সামগ্ৰীৰ নমুনা পৰীক্ষা কৰা বন্ধ ৰাখিছো।”
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন ঠাইত খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহৰ বাবে বিশ্লেষণাগাৰে যোৱা মে’ মাহতে এখন ম’বাইল ভানৰ ব্যৱস্থা কৰিছে যদিও ভানখন বেছিভাগ সময় বিশ্লেষণাগাৰৰ কাৰ্যালয়ৰ চৌহদতে পৰি থকা দেখা যায়।