ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ-কলিয়াবৰতো উদযাপন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

বিশ্বনাথ : বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো আজি ব্যাপক উছাহ-উদ্দীপনাৰ মাজেৰে চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগ সমিতি, বিশ্বনাথৰ সহযোগত বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী।

বিশ্বনাথত পালন কৰা যোগ দিৱসৰ দৃশ্য

অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কয় যে যোগাভ্যাসে আমাৰ শৰীৰ-মন-আত্মা পৱিত্ৰ কৰে। সমন্বয় আৰু শান্তিৰ বাবে যোগ শীৰ্ষক মূল বাণীৰে উদযাপিত এই দিৱসৰ মূল কাৰ্যসূচীৰূপে পতঞ্জলি যোগ সমিতিৰ যোগ প্ৰশিক্ষকসকলে উপস্থিত ৰাইজক সমজুৱাকৈ যোগাভ্যাস কৰোৱায়।

পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই যোগাভ্যাসত মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও অংশ লয়।

অনুষ্ঠানত জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাকে ধৰি আন বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি তথা বিভিন্ন লোক উপস্থিত থাকে।

কলিয়াবৰ : ইয়াৰ সমান্তৰাল ভাৱে কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী ময়দানতো কলিয়াবৰ মহকুমা প্ৰশাসন আৰু পতঞ্জলি যোগ সমিতিৰ উদ্যোগত পুৱা ৬ বজাত কলিয়াবৰৰ ৰাইজৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হয়।

পুৱা বন্তি প্রজ্জ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভনি কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে।

কলিয়াবৰ যোগ দিৱসৰ দৃশ্য

এই অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ,মহকুমা দণ্ডাধীশ বিষয়া ৰিং সাং মুছাহাৰী, মহকুমাৰ কৰ্মচাৰীবৃন্দৰ লগতে কলিয়াবৰৰ বিভিন্ন ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে শাৰীৰিক যোগ অনুশীলন কৰে।

শাৰীৰিক যোগ অনুশীলনে মানুহৰ মানসিক, শাৰীৰিক, আধ্যাত্মিক চিন্তা ধাৰাক সবল কৰি তোলে।কৰ্মস্পৃহা বঢ়াত সহায় কৰে সেয়ে সকলোলোকে নিতৌ পুৱা এই যোগাসন কৰিব লাগে বুলি মহকুমাধিপতি বিতোপন নেওগে ভাষণ প্ৰদান কৰি যোগ দিৱসৰ তাপৰ্য ব্যাখ্যা কৰে।