ৰাজ্যৰ বিভিন্ন জিলাত ‘মিশ্যন সম্ভৱ’ কাৰ্যসূচী ৰূপায়ণ

মুখ্য মন্ত্ৰীৰ জাগীৰোডত ‘মিশ্যন সম্ভৱ’ কাৰ্যসূচীৰ উদ্বোধন

‘বৰ্তমানৰ ৰাজ্য চৰকাৰে যোৱা ২২ মাহত ৰাজ্যখনত প্ৰায় ১৬ লাখ শৌচালয় নিৰ্মাণ কৰি উলিয়াইছে। যিয়ে পৰিচ্ছন্ন অসমৰ বাবে থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। মুকলি স্থানত মল ত্যাগ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰাৰ বাবে বৰ্তমানেও সম্পূৰ্ণ হ’বলৈ বাকী থকা শৌচালয় সমূহ শীঘ্ৰে নিৰ্মাণ কৰা হ’ব।’ আজি স্বচ্ছ ভাৰত অভিযান অসমৰ সৌজন্যত মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত গোপালকৃষ্ণ চাহ বাগিচাত মিশ্যন সম্ভৱ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।

এই অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে নাৰীৰ সামাজিক মৰ্য্যাদা হানিকৰ কাৰ্যৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি ইয়াৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব।

লগতে মুখ্য মন্ত্ৰী গাৰকীয়ে নাৰীজনিত অপৰাধমূলক গোচৰ সমূহ মীমাংসা কৰাৰ বাবে ৰাজ্য চৰকাৰে ফাষ্টট্ৰেক ক’ৰ্ট স্থাপনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ জনোৱা বুলিও জানিবলৈ দিয়ে।

আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে মৰিগাঁও জিলাত শৌচালয় নিৰ্মাণৰ বাবে প্ৰত্যক্ষ পুঁজি হস্তান্তৰৰ বাবে হিতাধিকাৰী সকলক অনুমোদিত পত্ৰ প্ৰদান কৰে। লগতে দান কাৰ্যসূচীৰ অধীনত শৌচালয় নিৰ্মাণৰ বাবে এগৰাকী দিব্যাংগলৈ বৰঙণি অগবঢ়ায়।

তাৰোপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, বিধায়ক পীযুষ হাজৰিকা, ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তায়ো চাৰি গৰাকী দিব্যাংগ ব্যক্তিলৈ বৰঙণি আগবঢ়ায়।

আনহাতে অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয় যে বৰ্তামালৈকে ৰাজ্যখনত ৬ খন জিলাৰ ৮৫৭ খন গাঁও আৰু ৫০ খন চাহ বাগিচাক সামৰি ২৩ লাখ গৃহত শৌচালয় নিৰ্মাণ কৰা হয়। আৰু এই ৬ খন জিলাক মুকলি স্থানত মল ত্যাগ মুক্ত জিলা হিচাপে ঘোষণা কৰা হয়।

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তা, অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণ, স্বচ্ছ ভাৰত অভিযানৰ পৰিচালন সঞ্চালক সিদ্ধাৰ্থ সিং, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা সাম্য কুমাৰ বৰুৱা, জিলা উপায়ুক্ত হেমেন দাসকে ধৰি বহু গণ্য-মান্য ব্যক্তি আজিৰ অনুষ্ঠানটোত উপস্থিত আছিল।

ডিব্ৰুগড় :

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়টো মিশ্যন সম্ভৱ কাৰ্যসূচী জিলা উপায়ুক্ত লয় মাদুৰীয়ে উদ্বোধন কৰে। এই মিশ্যন সম্ভৱ কাৰ্যসূচীয়ে ডিব্ৰুগড়ৰ ৫২৩২ টা পৰিয়ালক সামৰি ল’ব বুলি উপায়ুক্ত গৰাকীয়ে বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰ :

কোকৰাঝাৰ জিলাতো জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত মিশ্যন সম্ভৱ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা কোকৰাঝাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বিভাগীয় বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠানটো উদ্বোধন কৰে।