কামৰূপ গ্ৰাম্য জিলাৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী বিগত দুবছৰে প্ৰকাশ নোপোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ দীনমণি কলিতা আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰূপম কলিতাৰ বিৰুদ্ধে ব্যাপক খেলিমেলি তথা মাৰপিটৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে এক গোচৰ ৰুজু কৰে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক বিত্ত সম্পাদক হিৰণ্য পাঠৰীয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জানিবলৈ দিয়া মতে তেওঁলোকে পূৰ্বেও আলোচনী প্ৰকাশ কৰিবৰ বাবে অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।
এই সন্দৰ্ভত তেওঁ আৰু কয়, “আজি দুবছৰ ধৰি মহাবিদ্যালয়ৰ অধ্যক্ষ দীনমণি কলিতাই ছাত্ৰ-ছাত্ৰীৰ পৰা বাৰ্ষিক আলোচনীৰ নামত ধন সংগ্ৰহ কৰিছে যদিও দুবছৰে আলোচনী প্ৰকাশ কৰাৰ পৰা বিৰত আছে। এই বিষয়ে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক অবগত কৰে’।
তেওঁ পুনৰ উল্লেখ কৰি কয় যে তেওঁলোকে এই সন্দৰ্ভত অধ্যক্ষ দীনমণি কলিতাক স্মাৰক পত্ৰ প্ৰদান কৰিবৰ বাবে গৈছিল যদিও তেওঁ অনুপস্থিত থকাৰ বাবে উপাধ্যক্ষক স্মাৰক পত্ৰখন প্ৰদান কৰে।
উপাধ্যক্ষগৰাকীয়ে ছাত্ৰ মুক্তিক অহা ১৫ দিনৰ ভিতৰত আলোচনী প্ৰকাশ কৰিব বুলি লিখিত ৰূপত প্ৰতিশ্ৰুতি দিছিল বুলি হিৰণ্যই আমাৰ আগত সদৰী কৰে।
আনহাতে ছাত্ৰ নেতাজনে কৰা অভিযোগ অনুসৰি যোৱা বছৰৰ পৰা মহাবিদ্যালয়খনত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।
এই দুই বিষয়ক লৈ যোৱা ১৬ ফেব্ৰুৱাৰিত আলোচনাত মিলিত হ’বৰ বাবে অধ্যক্ষৰ হৈ মহাবিদ্যালয়খনৰ অধ্যাপক মনোৱাৰ হুছেইনে ফোনযোগে আমন্ত্ৰণ জনাই বুলিও নেতাজনে উল্লেখ কৰে।
আলোচনাৰ বাবে মাতি নি তেওঁলোকক অপমানিত কৰি পঠিওৱা বুলিহে অভিযোগ তোলে সংগঠনটোৰ নেতৃবৃন্দই।
এই সন্দৰ্ভত তেওঁ কয় “আমাক আলোচনাৰ বাবে মাতিছিল যদিও অধ্যক্ষ আৰু তেওঁৰ ভেৰুনীয়া গুণ্ডা বাহিনীয়ে আমাক অত্যাচাৰ চলাইছিল। ৰূপম কলিতাকে ধৰি অন্য ভেৰুনীয়া গুণ্ডাই আমাৰ লগত প্ৰথমতে তৰ্ক বিতৰ্ক কৰে আৰু তাৰ পাছত কোঠালৈ মাতি নি প্ৰহাৰ কৰে।”
এই সন্দৰ্ভত বিজয়নগৰ আৰক্ষী থানাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ হিৰণ্য পাঠৰীয়ে গোচৰ ৰুজু কৰে যদিও আৰক্ষীয়ে অভিযুক্ত সকলক এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।