‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজত কিছুমান ৰাজনৈতিক অপ-শক্তিয়ে বাধাৰ সৃষ্টি কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই শক্তিসমূহে এন আৰ চি-ৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগমুহূৰ্তত গোটেই প্ৰক্ৰিয়াটোত খেলি-মেলি লগোৱাৰ এক কু-অভিসন্ধি চলাই আহিছে।’ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাত্ৰ ৯ দিন বাকী থকা সময়তে এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অগপৰ উপ-সভাপতি কুমাৰ দীপক দাসে।
তেওঁৰ লগতে বৰপেটা জিলা অগপৰ সভাপতি তথা বৰপেটাৰ স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ নেতৃত্বত আজি অগপৰ এটা ১৫জনীয়া দলে এন আৰ চিৰ কাম-কাজ সম্পৰ্কত বুজ ল’বলৈ বৰপেটা জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰে।
উপায়ুক্ত গৰাকীৰ সৈতে এইক্ষেত্ৰত এখন বৈঠকত মিলিত হোৱাৰ পিছতে বৰপেটা জিলা অগপৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি কুমাৰ দীপক দাসে কয় যে, অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা ৩০ জুনত প্ৰকাশ পাব। কিন্তু এন আৰ চিৰ কাম-কাজত বিধি পথালি দিবলৈ আৰু এন আৰ চিৰ কাম বন্ধ কৰিবলৈ একাংশ ৰাজনৈতিক অপ-শক্তিয়ে অহৰহ চেষ্টা চলাই আহিছে, তেওঁ কয়।
তেওঁ আৰু কয় যে, ৩০ জুনৰ পিচত অসমত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব, সংঘৰ্ষৰ সৃষ্টি হ’ব আদি বিভিন্ন কথা কিছুমান অঞ্চলত অপ-প্ৰচাৰ চলোৱা হৈছে। কংগ্ৰেছ দলে সাধাৰণ মানুহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে। তদুপৰি, উগ্ৰ ধৰ্মীয় চেতনাসম্পন্ন কিছুমান দল-সংগঠনেও নাগৰিকপঞ্জীৰ কাম-কাজত বিধিপথালি দিয়াৰ চেষ্টা চলাই আহিছে বুলি কুমাৰ দীপক দাসে অভিযোগ কৰে।
এই শক্তিসমূহে নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কখনক এন আৰ চিৰ বিষয়টোৰ সৈতে সংপৃক্ত কৰি গোটেই প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিব বিচাৰিছে বুলি উল্লেখ কৰে অগপ নেতাগৰাকীয়ে। সাধাৰণ ৰাইজে যাতে এনে অপ-শক্তিসমূহৰ কথা-বতৰাত ভোল নাযায় আৰু অপ-শক্তিসমূহৰ চেষ্টাসমূহত যাতে সহায়-সহযোগ নকৰে তাৰ বাবেও ৰাইজৰ প্ৰতি আহ্বান জনায় অগপ নেতাগৰাকীয়ে।
অপ-শক্তিসমূহে যাতে এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তক দাবী জনোৱা বুলি উল্লেখ কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে। এইক্ষেত্ৰত অগপ দলে সহায়-সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰি কুমাৰ দীপক দাসে কয় যে, বৰপেটা জিলা অগপৰ তত্বাৱধানত জিলাখনৰ চুকে-কোণে সজাগতা সভা অনুষ্ঠিত কৰা হ’ব।
আজিৰ এই সংবাদমেলতে কুমাৰ দীপক দাসে বৰপেটাৰ সু-সন্তান তথা অসমৰ সংগীত জগতৰ প্ৰবাদ প্ৰতীম পুৰুষ পুৰুষোত্তম দাসৰ স্মৃতি স্থায়ী কৰি ৰাখিবলৈ বৰপেটা পৌৰসভাৰ সহযোগত এক আঁচনি প্ৰস্তুত কৰা হৈছে বুলিও উল্লেখ কৰে। সংবাদমেলত বৰপেটা জিলা অগপৰ সভাপতি তথা বিধায়ক গুণীন্দ্ৰ নাথ দাস, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে চিত্তৰঞ্জন বৰ্মন আৰু ধনজিৎ পাঠক উপস্থিত আছিল।