ৰীমা দাসৰ চিনে’মা ‘ভিলেজ ৰকস্তাৰ্ছ’ শুকুৰবাৰে প্ৰদৰ্শিত হৈছে গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলত

village rockstars

চিনে’মাখনৰ প’স্তাৰৰ লগতে গ্লাছগ’ত প্ৰদৰ্শনী সূচী

অসমৰ ৰীমা দাসৰ চিনে’মা ‘ভিলেজ ৰকস্তাৰ্ছ’ আজি প্ৰদৰ্শিত হৈছে য়ু কে’ৰ আগশাৰীৰ চিনে’মা উৎসৱ গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলত। আজি সন্ধিয়া ৬ বজাত প্ৰদৰ্শিত হোৱা ১ ঘণ্টা ২৭ মিনিটৰ চিনে’মাখনৰ দ্বিতীয় দৰ্শনী হ’ব কাইলৈ আবেলি ৩.৪৫ বজাত।

য়ু কে’ৰ অত্যন্ত প্ৰতিকূল বতৰৰ বাবে উৎসৱটোত উপস্থিত থাকিব নোৱাৰিলে ৰীমা দাস।

পলকতে চাওক পৃথিৱীৰ মানুহে আদৰি লোৱা ৰীমা দাসৰ ‘ভিলেজ ৰকস্তাৰ্ছ’ৰ ত্ৰেইলাৰ

‘ধুনু’ নামৰ দহ বছৰীয়া ছোৱালী এজনীৰ ৰক বেণ্ড এটাৰ খোলাৰ সপোনক লৈ চিনে’মাখন নিৰ্মিত হৈছে। লগৰীয়া ল’ৰাকেইটাৰ সৈতে শৈশৱৰ দৌৰা-ঢপৰা, বিধৱা মাকৰ লগত পিঠা বেচি ভাত মোকলোৱাৰ মাজতে কণমানিজনীয়ে সপোন দেখে এদিন তাইৰ এখন নিজা গীটাৰ হ’ব।

পৃথিৱীজুৰি বিভিন্ন চিনে’মা উৎসৱত অগণন দৰ্শক, সমালোচকৰ অন্তৰ চুইছে অসমৰ চিত্ৰগৃহত মুক্তি এতিয়ালৈকে নোপোৱা চিনে’মাখনে।

চিনে’মাখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি কেমেৰা, সম্পাদনা, পৰিচালনা আৰু প্ৰযোজনাও কৰিছে চিনে’মা নিৰ্মাণৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা ৰীমা দাসে। ছয়্গাঁৱৰ গাঁৱলীয়া পৰিৱেশত অপেছাদাৰী অভিনেতা, কণমানি ল’ৰা-ছোৱালীক লৈ চিনে’মাখন নিৰ্মাণ কৰা হৈছে।

চিনে’মাখনৰ দৃশ্যগ্ৰহণৰ সময়ত ৰীমা দাস

২০১৬ চনত বনোৱা ‘Man with the Binoculars’ আছিল ৰীমা দাসৰ প্ৰথম চিনে’মা।

গ্লাছগ’ ফিল্ম ফে’ষ্টিভেল এই বছৰ ২১ ফেব্ৰুৱাৰিৰ পৰা ৪ মাৰ্চলৈকে অনুষ্ঠিত হৈছে। ‘দৰ্শকসকলেই আমাৰ আয়োজন আৰু বিশ্বাসৰ মূল’ বুলি উল্লেখ কৰি আয়োজকসকলে ‘আমি আমাৰ দৰ্শকসকলক শ্ৰেষ্ঠতম আন্তঃৰাষ্ট্ৰীয় চিনে’মাসমূহৰ অভিজ্ঞতা প্ৰদানৰ কৰিব বিচাৰো’ বুলি জনায়। মূলসুঁতিৰ জনপ্ৰিয় চিনে’মাসমূহৰ পৰা ন চিন্তা উন্মেষকাৰী শৈল্পিক সম্পৰীক্ষামূলক চিনে’মালৈকে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চিনে’মা উৎসৱটোত নিয়মীয়াকৈ প্ৰদৰ্শিত হৈ আহিছে।

গ্লাছগ’ ফিল্ম ফে’ষ্টিভেলৰ পৰিচয়মূলক দৰ্শনৰ বাবে চাওক এই ভিডিঅ’টো