অসম আৰক্ষীয়ে পি চি জিৰ সদস্য ৰেৱতী ফুকনৰ সন্ধান উলিয়াব নোৱাৰাৰ প্ৰতিবাদত আজি ১২টা সংগঠনে জনোৱা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।
বন্ধৰ সময়ছোৱাত জিলা দুখনৰ শিক্ষা প্ৰতিষ্ঠান, বেংক, চৰকাৰী কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থকা পৰিলক্ষিত হয়। তাৰোপৰি সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য পথসমূহো জনশূন্য হৈ পৰে।
লাহোৱাল, চাবুৱা, নাহৰকটিয়াকে ধৰি ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত বন্ধ সমৰ্থকসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলত সন্ধানহীন হোৱা পি চি জিৰ সদস্য তথা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা কাৰ্যই স্বাভাৱিকতে সচেতন মহলৰ মাজত এক উদ্বেগৰ সৃষ্টি হৈছে।
ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ইয়াক ৰাজনৈতিক অপহৰণ বুলি দাবী কৰিছিল। পৰেশ বৰুৱা আলোচনাত বহিলে কাৰোবাৰ স্বাৰ্থ বিঘ্নিত হ’ব পাৰে আৰু আলফাৰ নামত চলাই থকা ব্যৱসায়টো বন্ধ হৈ যাব পাৰে ভাবিয়েই সেই শক্তিয়ে দেউতাকক অপহৰণ কৰা বুলি ৰেৱতী ফুকনৰ পুত্ৰই সন্দেহ ব্যক্ত কৰিছিল।
ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক অতি শীঘ্ৰে সন্ধানহীন ফুকনক উদ্ধাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে যদি কোনোধৰণৰ তৎপৰতা নেদেখুৱাই তেন্তে আগন্তুক দিনত সমগ্ৰ অসমতে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও সংগঠনকেইটাই চৰকাৰক সকীয়াই দিয়ে।