NORTHEAST NOW (Assamese)

শিৱসাগৰত অনুষ্ঠিত নৃত্য-গীত আৰু ভাস্কৰ্য শিল্পৰ কৰ্মশালাৰ আজি সামৰণি

July 31, 2019 5:50 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: July 31, 2019 5:51 pm

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত আৰু টাই যাদুঘৰ শিৱসাগৰৰ সহযোগত শিৱসাগৰৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত  গ্ৰীষ্মকালীন বন্ধ উপলক্ষে যোৱা  ২২ জুলাই পৰা ৩১ জুলাই লৈকে ১০ দিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৃত্য, গীত, ভাস্কৰ্য শিল্পৰ কৰ্মশালাৰ আজি আনুষ্ঠানিক ভাৱে সামৰণি পৰে।

কৰ্মশালাখনত জিলাখনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। উক্ত  কৰ্মশালাত নৃত্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে মৃণাল বৰা আৰু লক্ষী প্ৰিয়া বৰাই, সংগীত প্ৰশিক্ষণ প্ৰদান কৰে সত্যজিৎ বৰা আৰু বৃষ্টি ৰাণী বৰা। তাৰোপৰি ভাস্কৰ্য প্ৰশিক্ষণ প্ৰদান কৰে বজেন দত্ত আৰু হিৰেণ মিলিয়ে ৷

আজিৰ সামৰণি অনুষ্ঠানত যৌথ শিক্ষক মঞ্চৰ টুটু বৰঠাকুৰ, তাই যাদু ঘৰৰ বিযয়া জে কে গগৈ, আনাতাঁৰ কেন্দ্ৰৰ ৰোহিত মোহন ফুকন, জ্যেষ্ঠ সাংবাদিক সুমশ ডেকা, ৰাজসংঘ ক্লাবৰ সম্পাদক চিন্তামনি বুঢ়াগোহাঁইকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

সামৰণি অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক নাজিম উদ্দিন আহমেদে। অনুষ্ঠানৰ শেষত প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপ্ৰত্ৰ প্ৰদান কৰা হয়।

Related News