এক কেজি সোণৰ বিস্কুট, নগদ ২৩ কোটি টকা, এটা ৰূপৰ পিষ্টল, এটা ৰূপৰ হেণ্ডকাফ – মন্দিৰৰ চান্দা বাকচ খুলি আচৰিত হৈ পৰিল কৰ্তৃপক্ষ। ৰাজস্থানৰ চিত্তৰগড়ৰ সানৱলিয়া ছেঠ মন্দিৰত সংঘটিত হৈছে এই ঘটনা। মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছে যে এইটোৱেই এতিয়ালৈকে সৰ্বাধিক অনুদান।
মন্দিৰ কৰ্তৃপক্ষৰ মতে, দুমাহৰ মূৰে মূৰে দানপাত্ৰ খোলা হয়। একেদৰে বৃহস্পতিবাৰেও মুকলি কৰা হয় দানপাত্ৰ।
কৰ্তৃপক্ষই জনোৱা মতে, ভক্তসকলে সৰু-ডাঙৰ পাত্ৰত এক কেজি পৰ্যন্ত ওজনৰ সোণৰ বিস্কুট দান কৰিছে। কোনোবাই আকৌ ৰূপেৰে তৈয়াৰী বস্তু দান কৰিছে।
ইয়াৰ ভিতৰত ৰূপৰ তলা আৰু চাবি, বাঁহী, এটা ৰূপৰ পিষ্টল, আনকি ৰূপৰ হেণ্ডকাফো দান কৰিছে।
মন্দিৰৰ সূত্ৰ অনুসৰি প্ৰথম পৰ্যায়ত ১১ কোটি ৩৪ লাখ নগদ ধন গণনা কৰা হৈছিল। দ্বিতীয় পৰ্যায়ত ৩ কোটি ৬০ লাখ টকা। তৃতীয় পৰ্যায়ত ৪ কোটি ২৭ লাখ টকা গণনা কৰা হৈছে। ইয়াৰ পিছত কেইবাটাও ৰাউণ্ডত ধনৰ হিচাপ সম্পূৰ্ণ হয়।
মন্দিৰৰ এজন কৰ্মচাৰীয়ে কয় যে ইমান ধন-সম্পত্তি আগতে দান হিচাপে পোৱা নাছিল। এই সময়ে পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিলে।
এই মন্দিৰটো চিত্তৰগড়ৰ পৰা ৪০ কিলোমিটাৰ নিলগত চিত্তৰগড়-উদয়পুৰ ঘাইপথৰ কাষত অৱস্থিত। আজি ই চিত্তৰগড়ৰ অন্যতম পৰ্যটনস্থলী। এই মন্দিৰৰ উৎপত্তি ১৯৪০ চনত।
কোৱা হয় যে ভোলাৰাম গুৰজা নামৰ এজন মানুহে সপোন দেখিছিল যে এখন গাঁৱত ভগৱান শ্ৰীকৃষ্ণৰ তিনিটা মূৰ্তি সমাধিস্থ হৈ আছে। পিছত ঠাইখন খান্দি উদ্ধাৰ হৈছিল তিনিটা মূৰ্তি। পিছলৈ মাণ্ডাফিয়া, ভাডছ’ডা আৰু চাপাৰত স্থাপন কৰা হৈছিল মূৰ্তি তিনিটা। এতিয়া এই তিনিটা মন্দিৰৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মাণ্ডফিয়াৰ প্ৰতিমূৰ্তি।