• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত আকৌ মৃত্যু এটা বনৰীয়া হাতীৰ, দুমাহত মৃত্যু দুটাকৈ বনৰীয়া হাতীৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 28, 2018 8:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভুটান সীমান্তত এচাম অদূৰদৰ্শী লোকৰ অবাধ বন ধ্বংসযজ্ঞৰ ফলত আৰু বনাঞ্চলত চলা অবাধ বেদখলৰ পৰিণতিত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতী খাদ্যৰ সন্ধানত পাহাৰৰ পৰা  জাকে জাকে নামি আহি জনাঞ্চলত প্ৰৱেশ কৰি জীৱ শ্ৰেষ্ঠ মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে বিগত কেইবা বছৰ ধৰি। ইয়াৰ পৰিণতিত তামুলপুৰ মহকুমাৰ শ-শ পৰিয়াল গৃহহাৰা হোৱাৰ উপৰিও কেতিয়াবা যদি মানুহৰ মৃত্যু হৈছে, কেতিয়াবা মৃত্যু হৈছে বনৰীয়া হাতীৰ।

যোৱা ২০ আগষ্টত নাগ্ৰীজুলি চাহ বাগিচাত এজন আৰু ২১ আগষ্টত নাগ্ৰীজুলিৰ ভাওৰাগুৰী গাঁওৰ গগণ চকত এজন, মুঠ দুজন লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ উপৰিও যোৱা জুলাই মাহত ২নং ডোঙৰগাঁৱত এটা হাতীৰ সন্দেহজনক অৱস্থাত মৃত্যু ঘটিছিল। দুখজনকভাৱে সোমবাৰে নিশাও নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ২নং কালীপুৰ গাঁৱত এখন খেতি পথাৰৰ ওচৰত এটি বনৰীয়া হাতীৰ মৃত্যু হয়।

Apply Now

জানিব পৰা মতে ভাৰত-ভুটান সীমান্তৰ পাহাৰৰ পাদদেশৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাক এটাই কালি ২নং কালীপুৰ গাঁৱত প্ৰৱেশ কৰিছিল।  মঙলবাৰে পুৱা গাওঁখনৰ লোকে খেতিপথাৰৰ সমীপতেই বনৰীয়া মাইকী হাতী এটা পৰি থকা প্ৰত্যক্ষ কৰিছিল। বনৰীয়া হাতীৰ মৃত্যুৰ খবৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে মৃত হাতীটোক প্ৰত্যক্ষ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰে আৰু স্থানীয় লোকসকলে ফুল, ধূপ-ধূনা আদি জ্বলাই মৃত হাতীটোক শ্ৰদ্ধা নিবেদন কৰি হাতীটোৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

বনৰীয়া হাতীৰ মৃত্যুৰ খবৰ পাই কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ পৰা বন বিষয়া আৰু বন কৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু হাতীটোৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰে যদিও হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰূপণ কৰাত বিফল হয়। বন বিভাগৰ লোকে প্ৰকাশ কৰা মতে খেতি পথাৰৰ শস্য বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ ইনভাৰ্টাৰৰ সহায়ত খেতি পথাৰৰ চাৰিওফালে সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

পিছত পশু চিকিৎসকৰ দ্বাৰা হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সেই ঠাইতেই মৃত হাতীটোক শোকাকূল পৰিৱেশত সমাধিস্থ কৰা হয়।

উল্লেখ্য যে বিগত ১৫ বছৰত হাতী-মানুহৰ সংঘাতৰ পৰিণতিত অকল তামুলপুৰ মহকুমাতে প্ৰায় ৮০ জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও ৯ টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাব লগত পৰিছে।

যদি হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বন বিভাগৰ উৰ্ধ্বতন কৰ্তৃপক্ষই কোনো ধৰণৰ বিজ্ঞানসন্মত অভিলাসী আঁচনি গ্ৰহণ নকৰে তেন্তে আৰু কিমান মানুহ বা কিমান বনৰীয়া হাতীৰ মৃত্যু ঘটিব তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে তৎকালীনভাৱে আঁচনি গ্ৰহণ কৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ লগতে বনৰীয়া হাতীৰ জীৱনৰ নিৰাপত্তাও সুনিশ্চিত কৰাৰ বাবে সচেতন মহলে চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাইছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd