• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিশ্চিহ্ন হ’ব নেকি নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি?: য়ুপিপিএলত যোগদান জিএছপিৰ অধিকাংশ নেতা-কৰ্মী

Rinoy Basumatary ৰিণয় বসুমতাৰী
কোকৰাঝাৰ , January 6, 2021 5:20 pm

2 min read

Pramod Bodo
224
VIEWS
Share on FacebookShare on Twitter

বিটিচি দখল কৰিম বুলি সততে দম্ভালি মাৰি থকা কোকৰঝাৰৰ লোকসভাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ দল গণ সুৰক্ষা পাৰ্টি নিচিহ্ন হৈ পৰিব নেকি?

এই প্ৰশ্নই এতিয়া জোকাৰি গৈছে বিটিচিৰ ৰাজনীতিত। উল্লেখ্য বিগত বিটিচি নিৰ্বাচনত বিটিচি দখল কৰিম বুলি দম্ভালি মাৰি থকা নৱ কুমাৰ শৰণীয়া গণ সুৰক্ষা পাৰ্টিয়ে মাত্ৰ এখন আসনত জয়ী হৈ য়ুপিপিএল নেতৃত্বাধীন বিটিচিত চামিল হ’বলৈ বাধ্য হৈছিল।

বিটিচি নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পূৰ্বে চৰম সুবিধাবাদীৰ পৰিচয় দি য়ুপিপিএল আৰু বিজেপি দলৰ শৰণাপন্ন হৈছিল নৱ কুমাৰ শৰণীয়াই।

ইয়াৰ পিছতে য়ুপিপিএল-বিজেপি বিটিচি পৰিষদলৈ সমৰ্থন আগবঢ়াইছিল নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টিৰ বিজয়ী একমাত্ৰ পাৰিষদগৰাকীয়ে।

কিন্তু ইয়াৰ পিছতে নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি যেন নিচিহ্ন হোৱাৰ দিশে আগবাঢ়িছে।

বুধবাৰে গণ সুৰক্ষা পাৰ্টিৰ বৃহৎসংখ্যক নেতা-কৰ্মীয়ে য়ুপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে।

বুধবাৰে বিটিচি তথা য়ুপিপিএলৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত বিগত বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১০ গৰাকী নেতাই য়ুপিপিএলত যোগদান কৰিছে।

যুপিপিএলৰ কোকৰঝাৰস্থিত প্ৰধান কাৰ্যালয়ৰ যোগদান কাৰ্যসূচীত যোগদান কৰা গণ সুৰক্ষা পাৰ্টিৰ নেতাসকল হ’ল ক্ৰমে বিগত নিৰ্বাচনৰ চৰাইবিলৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী ধজেন্দ্ৰ ৰাভা, জ’মদুৱাৰৰ প্ৰাৰ্থী পংকজ দাস, কচুগাঁৱৰ প্ৰাৰ্থী ৰণেন্দ্ৰ কোচ, বাখুনগুৰিৰ থানেশ্বৰ ৰাভা, শালাকাটিৰ সঞ্জয় শৰণীয়া, শ্ৰীৰামুপুৰৰ হাফিজুৰ ৰহমান, গুমাৰ প্ৰাৰ্থী মফিদুল আহমেদ, খৈৰাবাৰীৰ অৰুণ বড়ো, নাগ্ৰীজুলিৰ ডেনিয়েল মাৰ্ডী আৰু পাঁচনৈৰ চেৰফাঙৰ প্ৰাৰ্থী ৰবীন মুৰ্মু।

কেৱল এইসকল নেতাই নহয়, গণ সুৰক্ষা পাৰ্টিৰ এই নেতাসকলৰ সৈতে দলটোৰ আন বহু নেতা আৰু কৰ্মীও আজি য়ুপিপিএলত যোগদান কৰিছে।

ইফালে গণ সুৰক্ষা পাৰ্টিৰ বৃহৎ সংখ্যক নেতা-কৰ্মীয়ে য়ুপিপিএল যোগদান কৰাৰ পিছতে প্ৰমোদ বড়োৰ নেতৃত্বাধীন দলটোৱে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে শক্তি পূৰ্বতকৈ বৃদ্ধি পোৱা বুলি দাবী কৰিছে।

যোগদান কাৰ্যসূচীৰ পিছতে সাংবাদিকৰ আগত বিটিচি তথা য়ুপিপিএল প্ৰধান প্ৰমোদ বড়োৱে কয় “জিএছপি নেতা আৰু অন্যান্য দলৰ নেতাসকলে য়ুপিপিএলত যোগদান কৰি শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু আছো।”

“কোকৰাঝাৰ আৰু চিৰাঙত আমাৰ দলটো শক্তিশালী হ’বলৈ আৰু কাম কৰাৰ প্ৰয়োজন আছে।” প্ৰমোদ বড়োৱে লগতে কয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd