জুবিন গাৰ্গক লৈ ৰাজনীতিৰ সমীকৰণ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিনৰ ১০ গৰাকী মুখ্য অনুৰাগীৰ ভিতৰত ময়ো আছোঁ। জুবিনৰ ন্যায়ৰ বাবে চৰকাৰে লোৱা প্ৰচেষ্টাত জুবিনৰ অনুৰাগীসকলে সন্তুষ্টি লাভ কৰিছে আৰু সেইবাবে জুবিনৰ অনুৰাগীৰ ১০% এতিয়া মোৰো অনুৰাগী।তেওঁলোকে ভবাই নাছিল যে অসম চৰকাৰে ইমান ক্ষীপ্ৰতাৰে কাম কৰিব। প্ৰতিদিনে মোৰ ইনবক্স জুবিনৰ অনুৰাগীৰ কৃতজ্ঞতাভৰা বাৰ্তাৰে উপছি থাকে।
লগতে মুখ্যমন্ত্ৰীয়ে কয় যে যদি কেতিয়াবা জুবিনৰ আটাইতকৈ ডাঙৰ অনুৰাগী কোন সেইটো নিৰ্ণয় কৰাৰ প্ৰতিযোগিতা হয়, তেন্তে সেই প্ৰতিযোগিতাৰ শীৰ্ষ ১০ জন বিজয়ীৰ ভিতৰত মোৰো নাম থাকিব।
হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে এতিয়া উত্থাপোন হৈছে কেতবোৰ প্ৰশ্নৰ। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? নিজৰ অনুৰাগী বৃদ্ধি কৰিবলৈহে তদন্তত তৎপৰতা দেখুৱাইছে নেকি হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও এতিয়া কেতবোৰ বিষয়ে চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই” বুলি কোৱা সন্দৰ্ভত জুবিন গাৰ্গক সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
আনকি জুবিন গাৰ্গে দৰিদ্ৰ আৰু আৰ্তজনক টকা-পইচাৰে সহায় কৰাক লৈও ৰাজহুৱা অনুষ্ঠানত জুবিন গাৰ্গক তাচ্চিল্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিক ‘বটলা মাল’ বুলি কৈ বিজেপিক পৰাস্ত কৰিবলৈ জুবিন গাৰ্গে কেইবাবাৰো আহ্বান জনাইছিল। সেই সময়ত জুবিন গাৰ্গক ৰাজহুৱা অনুষ্ঠানত গালি গালাজ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়া হঠাতে নিজকে জুবিন গাৰ্গৰ আগশাৰীৰ অনুৰাগী বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে, জুবিন গাৰ্গক লৈ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিব খোজা বুলি সচেতন মহলত চৰ্চা চলিছে।





